/asomiyapratidin/media/media_files/2025/07/23/new-ap-web-2-15-2025-07-23-17-02-17.jpg)
ডিজিটেল ডেস্কঃ যোৱা ৩ বছৰত ভাৰতীয় ৰে'লৱেয়ে ৫৪৩ কোটি টকাৰ ৰাজহ ঘাটিৰ সন্মুখীন হৈছে। এই তথ্য প্ৰকাশ কৰিছে Comptroller and Auditor General চমুকৈ CAG-এ। কেগে ২০২০ ৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহলৈকে ৰে'লৱেৰ লাভ-লোকচানৰ হিচাপ পৰীক্ষা কৰি এই তথ্য প্ৰকাশ কৰিছে।
চলিত লোকসভাৰ বৰ্ষাকালীন অধিবেশনৰ মাজতে সোমবাৰে লোকসভাত কেগৰ এই প্ৰতিবেদন দাখিল কৰা হৈছে। কেগৰ এই প্ৰতিবেদনত ভাৰতীয় ৰে'লৱেৰ মুঠ ২৫ টা ঘটনাৰ ওপৰত আলোকপাত কৰি আৰ্থিক লোকচানৰ তথ্য ফাদিল কৰিছে।
কেগৰ তথ্য অনুসৰি ভাৰতীয় ৰেলৱেৰ আৰ্থিক লোকচানৰ মূল কাৰণ হৈছে বিভিন্ন উৎসৰ পৰা সম্পূৰ্ণকৈ ধন সংগ্ৰহ কৰিব নোৱাৰা, অপ্ৰয়োজনীয় ব্যয়, অপব্যৱস্থাপনা আৰু ৰাজহৰ অভাৱ। কেগৰ প্ৰতিবেদন অনুসৰি বিভিন্ন সময়ত বিভিন্ন ৰে’ল সংস্থাই নিয়ম উলংঘা কৰিছে।
যাৰ বাবে এই অপ্ৰয়োজনীয় ব্যয় বা ৰাজহৰ অভাৱ ঘটিছে। ইয়াৰে আটাইতকৈ উল্লেখযোগ্য ঘটনা হৈছে উত্তৰ ৰে’লৱেৰ ঘাটি। পাঁচখন চৰকাৰী বিদ্যালয়ৰ পৰা ভূমি অনুজ্ঞাপত্ৰৰ বাবে ১৪৮.৬১ কোটি টকা সংগ্ৰহ কৰাত ব্যৰ্থ হৈছে উত্তৰ ৰেলৱে।
কেগৰ প্ৰতিবেদনত ৯টা জ’নেল ৰে’লৱেয়েও ধন আদায় কৰিবলৈ সক্ষম হোৱা নাই বুলিও প্ৰকাশ পাইছে। দক্ষিণ-পূব, দক্ষিণ-পশ্চিম, উত্তৰ মধ্য, পূব উপকূল, পূব, উত্তৰ-পশ্চিম, দক্ষিণ-পূব মধ্য, পশ্চিম মধ্য আৰু মধ্য ৰে’লৱে সামূহিকভাৱে ৫৫.৫১ কোটি টকা আদায় কৰাত ব্যৰ্থ হৈছে।
ঠিকাদাৰৰ পৰা ৫৫.৫১ কোটি টকা আদায় কৰাত ব্যৰ্থ হৈছে জিলা খনিজ ফাউণ্ডেচন। এই ডি এম এফৰ ধন ৰে’লৱেৰ খনন কামৰ বাবে ক্ষতিগ্ৰস্ত লোক বা অঞ্চলৰ স্বাৰ্থ ৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হয়।
ইয়াৰ বাহিৰেও ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ গাফিলতিৰ বাবে ভাৰতীয় ৰে’লৱেৰ আৰু ৫০.৭৭ কোটি টকাৰ লোকচান হৈছে। কেগৰ প্ৰতিবেদন অনুসৰি দক্ষিণ ৰে’লৱে আৰু ইন্টিগ্ৰেল ক’চ ফেক্টৰীয়ে বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈ আৰু পৰ্যাপ্ত কাৰিকৰী মূল্যায়ন নকৰাকৈয়ে নীলগিৰি মাউণ্টেন ৰে’লৱেৰ বাবে ২৮ মিটাৰ গেজ ডবা নিৰ্মাণ কৰিছে।
ইয়াৰ বাবে ২৭.৯১ কোটি টকা খৰচ হয়। দক্ষিণ কেন্দ্ৰীয় ৰে’লৱেই আৰু ২৩.১৬ কোটি টকা অযথা ব্যয় কৰাৰ অভিযোগ উঠিছে। কেন্দ্ৰীয় ৰে’লৱেই পশ্চিম ডেডিকেটেড ফ্ৰেইট কৰিডৰত অতিৰিক্ত ১৫.৬২ কোটি টকা ব্যয় কৰিছে। তেওঁলোকে খৰচৰ নিৰ্দেশনা মানি চলাত ব্যৰ্থ হৈছে।