/asomiyapratidin/media/media_files/2025/04/29/6NLktgAdTuZOLkcHm4kh.jpg)
ডিজিটেল ডেস্কঃ পেহেলগামৰ বৈছাৰণ ভেলীত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে কেতিয়া ইয়াৰ প্ৰতিশোধ ল’ব সেই প্ৰশ্ন সমগ্ৰ দেশতে উচ্চাৰিত হৈছে। তাৰ মাজতে সীমান্তত বাঢ়িছে উত্তেজনা। সামৰিক বাহিনীয়ে আৰম্ভ কৰিছে সামৰিক অনুশীলন।
এনে পৰিস্থিতিত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত এক উচ্চ স্তৰৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ মুৰব্বীসকলৰ লগতে প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানো।
ইতিমধ্যে অন্ত পৰা এই বৈঠকৰ অন্তত গৃহমন্ত্ৰী অমিত শ্বাহ গৈ মোডীৰ বাসগৃহত উপস্থিত হৈছে। সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে সেনাবাহিনীৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি তেওঁলোকক প্ৰতিশোধ লোৱাৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে।
এই ক্ষেত্ৰত সেনা বাহিনীয়েই গ্ৰহণ কৰিব সঠিক সময় আৰু তাৰিখৰ সিদ্ধান্ত। স্থল সেনা, নৌ সেনা আৰু বায়ু সেনা এই ত্ৰিশক্তিৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি এই সিদ্ধান্ত প্ৰধানমন্ত্ৰীৰ। প্ৰায় ডেৰ ঘণ্টা ধৰি অনুষ্ঠিত হোৱা এই বৈঠকৰ পাছত এতিয়া যিকোনো মুহূৰ্ততে দেশৰ সিপাৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে।
উল্লেখ্য, ২২ এপ্ৰিলত সংঘটিত হোৱা পেহেলগাম আক্ৰমণৰ এসপ্তাহ সম্পূৰ্ণ হৈছে। সন্ত্ৰাসবাদী দলটোৱে মুঠ ২৭ জনকৈ লোকক নিৰ্মমভাৱে হত্যা কৰাৰ পাছত এতিয়াও মুক্ত বতাহ লৈ আছে। ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এই পৰ্যন্ত কাশ্মীৰত অভিযান অব্যাহত আছে যদিও আক্ৰমণৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ বা নিধন কৰিব পৰা নাই।
ইফালে এই আক্ৰমণৰ প্ৰতিশোধ হিচাপে কেন্দ্ৰই পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে। এনে পৰিস্থিতিত মঙলবাৰৰ এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
সোমবাৰেও প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুৰূপ বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু আজিৰ বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীয়ে সেনাবাহিনীক প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা বুলি সূত্ৰই দাবী কৰিছে।
ইফালে, কাশ্মীৰৰ চাৰিটা স্থানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একেলগে অভিযান অব্যাহত আছে। মঙলবাৰে ভাৰতীয় সেনাই এই কথা ঘোষণা কৰিছে। দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ য়াৰৱান বনাঞ্চলত আজি পুৱাৰে পৰা ভাৰতীয় সৈনাই নতুনকৈ অভিযান আৰম্ভ কৰিছে।
ইয়াৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ আন দুটা অঞ্চলত আক্ৰমণকাৰী সন্ত্ৰাসবাদীক বিচাৰি সেনাৰ অভিযান চলোৱা হৈছিল। সেই দুই অভিযান এতিয়াও অব্যাহত আছে।
মন কৰিবলগীয়া যে সমগ্ৰ কাশ্মীৰত উগ্ৰপন্থীৰ পেহেলগামতকৈ অধিক ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা কৰিছে বুলিও চোৰাংচোৱাই তথ্য লাভ কৰিছে। ফলত কাশ্মীৰৰ মুঠ ৮৭টা পৰ্যটন কেন্দ্ৰৰ ভিতৰত ৪৮টা পৰ্যটন কেন্দ্ৰই বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।