দুই বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল

অভয়পুৰ সংৰক্ষিত বনাঞ্চল বেদখল সন্দৰ্ভত বাতৰি প্ৰকাশ কৰাৰ বাবেই বিজেপি নেতাৰ ভাবুকিৰ সম্মুখীন হ'ল এগৰাকী সাংবাদিক।

author-image
Asomiya Pratidin
New Update
new ap web 3 (8)

ডিজিটেল সংবাদ, সোণাৰিঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনাঞ্চল বেদখল মুক্ত কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে অভয়পুৰ সংৰক্ষিত বনাঞ্চল বেদখল সন্দৰ্ভত বাতৰি প্ৰকাশ কৰাৰ বাবেই বিজেপি নেতাৰ ভাবুকিৰ সম্মুখীন হ'ল এগৰাকী সাংবাদিক।

Advertisment

সংৰক্ষিত বনাঞ্চলখনৰ বেদখল সন্দৰ্ভত ৩১ জুলাইত বাতৰি প্ৰকাশৰ দিনাই নিশালৈ চৰাইদেউ জিলা বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী নেতা গুণ বড়াই ফোন যোগে বিভিন্ন গালি-গালাজ পৰাৰ ওপৰিও হাত-ভৰি ভাঙি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ সাংবাদিক কপিল চেতিয়াৰ।

একে সময়তে চিংলোপথাৰৰ হিতেশ বৰগোহাঁই নামৰ আন এজন ব্যক্তিয়েও মেছেঞ্জাৰৰ জৰিয়তে সাংবাদিক গৰাকীক ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । যাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চৰাইদেউ জিলাত। ইয়াৰ পৰিপ্ৰেক্ষিতত সাংবাদিক গৰাকীয়ে চফ্ৰাই আৰক্ষী চকীত ভাবুকি দিয়া দুই ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। 

আনহাতে সাংবাদিকৰ নিৰাপত্তা বিচাৰি চৰাইদেউ প্ৰেছ গীল্ড আৰু আপকু চৰাইদেউ জিলা সমিতিয়ে দাবী উত্থাপন কৰিছে। একেদৰে চৰাইদেউ প্ৰেছ ক্লাৱে সমগ্ৰ ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰাৰ লগতে সাংবাদিকসকলৰ নিৰাপত্তা নিশ্চিত প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে। 

চৰাইদেউ চৰাইদেউ প্ৰেছ ক্লাব