/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/67f5a463-6cf6-48b1-a027-e3ca1e5b4714/uyk.jpg)
comparative figure of trap cases registered
ডিজিটেল ডেস্ক: ৰাজ্যত বাঢ়ছে দুৰ্নীতিগ্ৰস্ত লোকৰ সংখ্যা। পূৰ্বৰ বছৰৰ তুলনাত ২০২১-২২ বৰ্ষত আৰক্ষীৰ হাতত অধিক দুৰ্নীতি গ্ৰস্ত বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে। অসম আৰক্ষী বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে প্ৰকাশ কৰিছে এই তথ্য।
সিঙে প্ৰকাশ কৰা তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত অধিক সক্ৰিয় হৈছে দুৰ্নীতি নিবাৰক শাখা। ১০ মে' ২০২১ ৰ পৰা ১৯ অক্টোবৰ২০২২ লৈকে মুঠ ৫৫ টা দুৰ্নীতিৰ গোচৰ ৰুজু হৈছে। এই সময়চোৱাত গ্ৰেপ্তাৰ হৈছে ৬১ গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী আৰু দুজন মধ্যভোগী।
সৰ্বমুঠ ৬৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই। ৰাজ্যত ২০১৭ চনত মাত্ৰ ৯ টা উৎকোচ লোৱা গোচৰ ৰুজু হৈছিল। সেই বছৰ মুঠ ১১ জন চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই।
২০১৮ ত ১৮ টা গোচৰ ৰুজু হৈছিল আৰু ১৯ জন চৰকাৰী বিষয়া কৰ্মচাৰী আৰু ৩ গৰাকী মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছিল। ২০১৯ বৰ্ষত মুঠ ১৬ জনক, ২০২০ ত ১৮ জনক , ২০২১ ত ১৩ জন ঘোচখোৰ বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল দুৰ্নীতি নিবাৰক শাখাই।