চিৰাঙত ৰূপায়িত চৰকাৰী আচঁনি পৰিদৰ্শন অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ...

আজি বিধায়ক নুৰুল হুদাৰ নেতৃত্বত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ এটা দল চিৰাং জিলাত উপস্থিত হয় । দলটোৱে জিলাখনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম পৰিদৰ্শন কৰে।

author-image
Asomiya Pratidin
New Update
চিৰাঙত ৰূপায়িত চৰকাৰী আচঁনি পৰিদৰ্শন অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ...

ডিজিটেল সংবাদ, চিৰাংঃ: আজি বিধায়ক নুৰুল হুদাৰ নেতৃত্বত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ এটা দল চিৰাং জিলাত উপস্থিত হয় । সমিতিৰ সদস্য হিচাপে বিধায়ক ৰণেন্দ্ৰ নাৰায়ণ কলিতা, ভবেন্দ্ৰ নাথ ভৰালী, উৎপল বৰা, বিজয় মালাকাৰ, কৰিমউদ্দিন বৰভূঞা আৰু হাফিজ বাছিৰ আহমেদ উপস্থিত থাকে। দলটোয়ে চিৰাং জিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন চৰকাৰী আঁচনিসমূহ পৰিদৰ্শন কৰে।

Advertisment

প্ৰথমে দলটোৱে জিলা সদৰ কাজলগাঁৱত নিৰ্মাণ হৈ থকা ট্ৰাইবেল গেষ্ট হাউছ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্য্যত যথেষ্ট বিসংগতি ধৰা পেলায় আৰু অসন্তুষ্টি প্ৰকাশ কৰে। বিধায়কসকলে উক্ত স্থানত উপস্থিত থকা লোকনিৰ্মাণ বিভাগৰ অভিযন্তাৰ পৰা নিৰ্মাণ কাৰ্য্যৰ প্লেন ইষ্টিমেট চাবলৈ বিচৰাত সেয়াও অভিযন্তাসকলে দেখুৱাবলৈ অপৰাগ হয়।

ইয়াৰ পিছত দলটো কাজলগাঁৱৰ প্ৰেমসিং ব্ৰহ্ম মেমৰিয়েল ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য্যতো যথেষ্ট বিসংগতি দেখা পাই অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ সভাপতি বিধায়ক নুৰুল হুদাই মুকলিকৈ অসন্তুষ্ট বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তাৰ বিপৰীতে চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কাৰ্য্যক লৈ সন্তুষ্টি প্ৰকাশ কৰে। 

ইয়াৰ পিছত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ বিধায়কৰ দলটো চিৰাং জিলাৰ মোজাবাৰীত চম্পাৱতী নৈৰ বুকুত চলি থকা শিল বালিৰ মহল পৰিদৰ্শন কৰাৰ আকস্মিক ভাবে সিদ্ধান্ত লয় আৰু ৰাওনা দিয়ে। ইপিনে বিধায়কৰ দলটো মোজাবাৰী এলেকাত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰাৰ পিছতেই শিল, বালিৰ মহলত একপ্ৰকাৰ হুৱাদুৱা লাগি যায় । 

মূহূৰ্তৰ ভিতৰতে মহলত খননকাৰ্য চলাই থকা জেচিবি, এস্কেভেটৰ লৈ পলায়ন কৰে। তাৰ মাজতে দলটোৱে চম্পাৱতী নৈৰ শিল, বালি মহলত চলি থকা ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ তথ্য উন্মোচিত কৰে । বিধায়কৰ দলে চালান অবিহনেই অতিৰিক্ত বালি কঢ়িয়াই নিয়া ডাম্পাৰ পাই ডাম্পাৰৰ চালকৰ পৰা চালান চাবলৈ বিচৰাত চালান নাই বুলি কোৱাত বিধায়কসকলে উক্ত ডাম্পাৰখন জব্দ কৰিবলৈ বনবিভাগৰ লোকক নিৰ্দেশ দিয়ে আৰু সেইমতে বনবিভাগৰ লোকে ডাম্পাৰখন জব্দ কৰে ।

তাৰ পিছত শিল বালিৰ মহলদাৰসকলক সোধপোছ কৰাত শিল, বালি মহলত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ তথ্য ধৰা পেলায় । ইপিনে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকসকলক শিল, বালি মহলj সৈতে জড়িত থকা লোকসকলে দুৰ্ব্যৱহাৰ কৰে। সাংবাদি সকলক দুৰ্ব্যৱহাৰ কৰা কাৰ্য্যত আগভাগ লৈছিল আনোৱাৰ হুছেইন দেৱান নামৰ এজন দুৰ্বৃত্তই ।

পিছত সাংবাদিকসকলে এই সন্দৰ্ভত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ বিধায়কৰ দলটোক অভিযোগ কৰে । ইয়াৰ পিছত দলটো গৰুভাষাৰ লাউৰীপাৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন আচঁনি, অণ্ঠাইবাৰী গাঁৱত এমজিএনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, চিদলীত জলসিঞ্চন বিভাগৰ আচঁনি পৰিদৰ্শন কৰে ।

বিয়লি পাঁচ বজাত কাজলগাঁৱত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকলক লৈ এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়।  সভাত আজি চিৰাং জিলাত চলি থকা বিভিন্ন চৰকাৰী আঁচনিৰ পৰিদৰ্শনকালত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিয়ে যিখিনি আসোঁৱাহ দেখা পাইছে সেয়া লৈ আলোচনা হয় ।

পিছত সংবাদ মাধ্যমৰ আগত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ সভাপতি নুৰুল হুদাই কয় যে যিখিনি তথ্য বা আসোঁৱাহ আমি পাইছো সিখিনি আমি অসম বিধানসভাৰ মজিয়াত দাঙি ধৰিব বুলি সদৰি কৰে।

অসম বিধানসভা চিৰাং