/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/LPGGas-365508551_6.jpg)
ডিজিটেল ডেস্ক: দেশত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। ইয়াৰ মাজতেই আহিছে এটা ভাল খবৰ। ১ ছেপ্টেম্বৰ ৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য। এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰা হৈছে। অৱশ্যে, মূল্যৰ এই হ্ৰাস কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতহে কৰা হৈছে। আনহাতে ঘৰুৱা এলপিজি ১৪.২ কিলোগ্ৰাম পূৰ্বৰ দামতে বিক্ৰী হৈ আছে।
১ ছেপ্টেম্বৰৰ পৰা দিল্লীত ইণ্ডিয়ানৰ ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা, কলকাতাত ১০০ টকা, মুম্বাইত ৯২.৫০ টকা, চেন্নাইত ৯৬ টকালৈ হ্ৰাস পাইছে। এনে ধৰণৰ মূল্য হ্ৰাস প্ৰায় দেশৰ কেইবাখনো ৰাজ্যত হৈছে।
উল্লেখ্য যে, ঘৰুৱা ছিলিণ্ডাৰৰ ক্ষেত্ৰত মূল্যৰ কোনো হ্ৰাস বৃদ্ধি হোৱা নাই। ৬ জুলাইৰ পৰা এটা দামতে বিক্ৰী হৈ আছে ঘৰুৱা ছিলিণ্ডাৰৰ মূল্য।
আৰু পঢ়ক: ছাত্ৰীবাৰী হত্যাকাণ্ডৰ অভিযুক্তক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ