/asomiyapratidin/media/media_files/2024/11/18/CEqdBy9yEchh0qYVejRo.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও বাঙালী সন্মিলনীৰ সৌজন্যত সন্মিলনীৰ সভাগৃহত ভাষা গৌৰৱ দিৱস উদযাপন কৰা হয়। সন্মিলনীৰ সভাপতি ৰবিশংকৰ মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক শংকৰ দাসে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অমলেন্দু চক্ৰৱৰ্তীয়ে। তেওঁ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত গৌৰৱবোধ কৰে।
অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ প্ৰাক্তন বিভাগীয় মুৰব্বী ড০ প্ৰশান্ত চক্ৰৱৰ্তী আৰু বিশিষ্ট সাহিত্যিক পৰাণ কুমাৰ বৰুৱাই অংশগ্ৰহণ কৰে। তেওঁলোকক বিশেষভাৱে সন্মিলনীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰি অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ ফলত ভাষাটোৰ বিকাশৰ ক্ষেত্ৰত নতুন মাত্ৰা লাভ কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে নগাঁও তথা সমগ্র অসমতেই অসমীয়া - বাঙালীৰ মাজত এক সুমধুৰ সম্পৰ্ক বিৰাজ হৈ আছে।
উল্লেখযোগ্য যে অতিথিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত সন্মিলনীৰ সদস্য - সদস্যা সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশন কৰা হয়।
প্ৰথমতে অসমীয়া ভাষাত আৰু পিছত বাংলা ভাষাত সমবেত সংগীত পৰিবেশন কৰা হয়। বিশিষ্ট অতিথি ড০ প্ৰশান্ত চক্ৰৱৰ্তীয়ে নিজৰ ভাষণত কয় যে অসমীয়া আৰু বাংলা শব্দলিপি 'ৰ'আৰু 'ৱ' বাহিৰে প্ৰায় একেই। অসমীয়া সাহিত্য জগতত আশুতোষ মুখাৰ্জীৰ অৱদান উল্লেখনীয়।
নগাঁও জিলা সাহিত্যিক পৰাণ কুমাৰ বৰুৱাই আলোচ্য বিষয় আই মাতৃৰ ভাষা এক সমন্বয়ৰ সাকোৰ ওপৰত বিশেষ ভাবে উল্লেখ কৰে। কোনোবাই জন্মগ্ৰহণ কৰাৰ পিছত মাতৃৰ পৰা যি শিকে সেইটোৱেই হৈছে মাতৃভাষা। অনুষ্ঠানত বিশিষ্ট সংগীতজ্ঞ মধুমিতা চক্ৰৱৰ্তী আৰু লেখক অনুবাদক ৰুণুমী শৰ্মাই উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানতে আগুন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিষয় সম্বলিত সাম্ভাব্য প্ৰশ্নপত্ৰৰ শুভ উদ্ধোধন কৰা হয় ।