/asomiyapratidin/media/media_files/2025/06/03/XkWw7512At4UNHhVDwTx.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানত সক্ৰিয় সন্ত্ৰাসবাদী সংগঠন জৈশ-ই-মহম্মদৰ কামাণ্ডাৰ মৌলানা আব্দুল আজিজ ইছাৰৰ মৃত্যু হোৱাৰ খবৰ আহিছে। সোমবাৰে পাকিস্তানৰ বাহাৱালপুৰত ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ হয় জৈশ সন্ত্ৰাসবাদী আজিজক।
জৈশ-ই-মহম্মদৰ সৈতে জড়িত ছ’চিয়েল মিডিয়া একাউণ্টটোৱে আজিজৰ মৃত্যুৰ সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে। জানিব পৰা মতে, ৩ জুন মঙলবাৰে জৈশ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় বাহাৱালপুৰত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। কিন্তু এই পৰ্যন্ত আজিজৰ মৃত্যুৰ সঠিক তথ্য পোৱা নাই। একাংশৰ মতে, হাৰ্ট এটেকত মৃত্যু হৈছে আজিজৰ।
উল্লেখ্য যে, আজিজ ভাৰত বিৰোধী স্থিতিৰ বাবে পৰিচিত আছিল। অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতে আক্ৰমণ কৰা পাকিস্তানৰ চহৰসমূহৰ ভিতৰত বাহাৱালপুৰ জৈশ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়ও আছিল। সেই আক্ৰমণৰ পিছত আজিজ অপাৰেচন সিন্দুৰক লৈ ক্ষুব্ধ হৈ পৰিছিল আৰু তেওঁ বহু ভাৰত বিৰোধী বক্তব্য দিছিল।
মৌলানা আব্দুল আজিজে যোৱা মাহত ভাৰতক ভাবুকি দি বাতৰিৰ শিৰোনাম দখল কৰিছিল। তেওঁ ভাৰতক আক্ৰমণ কৰি দেশখনক কেইবাটাও অঞ্চলত বিভক্ত কৰাৰ ভাবুকি দিছিল। লক্ষ্যণীয় যে, আব্দুল আজিজে গাজৱা-ই-হিন্দৰ দ্বাৰা তেওঁৰ উচটনিমূলক ভাষণৰ জৰিয়তে যুৱক-যুৱতীসকলক জেহাদীলৈ ৰূপান্তৰিত কৰিছিল।
আব্দুল আজিজ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ভক্কৰ জিলাৰ আশ্ৰাফৱালৰ বাসিন্দা আছিল। দীৰ্ঘদিন ধৰি তেওঁ জয়ছৰ সৈতে জড়িত হৈ আছিল আৰু গোটটোৰ শীৰ্ষ সন্ত্রাসবাদীৰ ভিতৰত আছিল। ভাৰতত বহু সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড বুলি আজিজক গণ্য কৰা হয়।
উল্লেখ কৰা প্ৰয়োজন,মৌলানা আজিজৰ মৃত্যু জৈশ-ই-মহম্মদৰ বাবে ডাঙৰ আঘাত বুলি বিবেচিত হৈছে। কিন্তু বৰ্তমানেও পাকিস্তানৰ সংবাদ মাধ্যম, সেনা আৰু চৰকাৰ-প্ৰশাসনে তেওঁৰ মৃত্যুক লৈ মৌনতা অৱলম্বন কৰা হৈছে।