ডিজিটেল ডেস্কঃ অলপতে কটন কলেজ এলুমনাই হলত এখন গ্ৰন্থ উন্মোচনী সভা তথা হাস্য ব্যংগৰ এক অনানুষ্ঠানিক অনুষ্ঠান সম্পন্ন হয় ৷ শুভ্ৰ কিংকৰ গোস্বামীৰ দ্বাৰা ৰচিত হাস্য ব্যংগৰ পুথি “ ইমাৰজেন্সী লেণ্ডিং“ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা প্ৰকাশক নবীন বৰুৱা,কটন কলেজৰ অৱসৰী অধ্যাপক ৰবীন গোস্বামী,জনপ্ৰিয় লিখক ত্ৰিনয়ন সন্দিকৈ, বিশিষ্ট শিল্পী দীনেশ দাস আৰু প্ৰবীন চকু ৰোগ বিশেষজ্ঞ ডাঃ আাতিকুল হুছেইনে ৷
মণিকুট প্ৰকাশনে প্ৰকাশ কৰা এই পুথিখন উন্মোচন কৰি আটাইকেইগৰাকী বক্তাই অসমীয়া সাহিত্যত হাস্য ব্যংগৰ পুথিৰ অভাৱৰ কথা উল্লেখ কৰে আৰু “ ইমাৰজেন্সী লেণ্ডিং“ৰ নিচিনা পুথিয়ে সেই অভাৱ পূৰণ কৰাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে ৷
ইয়াৰ পিচতেই এৰ হাস্য ব্যংগৰ অনুষ্ঠান আৰম্ভ হয় ৷ জ্যেষ্ঠ শিল্পী দীনেশ দাস,ডাঃ অঞ্জনজ্যোতি চৌধুৰী,জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, ডাঃ জয়ন্ত কুমাৰ দাস,লীনা শৰ্মা ,প্ৰদীপ পূজাৰী,যোগানন্দ মহন্ত,বিশিষ্ট সৰোদ বাদক তৰুণ কলিতা,কবি সঞ্জীৱ গোহাঞিবৰুৱা,ৰঞ্জন চক্ৰৱৰ্তী ডাঃ শিশিৰ কুমাৰ নাথ আৰু উপস্থিত বহুতো লোকেই হাস্যব্যংগ আৰু গীতৰ মাধ্যমেৰে নিজৰ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ৷
অনুষ্ঠানটিৰ শলাগৰ শৰাই আগবঢ়াই ডাঃ বিজুলী গোস্বামীয়ে ৷ লগতে অনুষ্ঠানটি সাৱলিল ভাৱে সঞ্চালনা কৰে আকাশবাণীৰ প্ৰচলন প্ৰযোজক ইন্দ্ৰজিত দাসে ৷