কৃষকৰ আয় দুগুণ কৰাৰ লক্ষৰে ক্ষেত্ৰীত কম্বাইন হাৰ্ভেষ্টাৰ প্ৰদান কৃষি বিভাগৰ...

author-image
Asomiya Pratidin
New Update
কৃষকৰ আয় দুগুণ কৰাৰ লক্ষৰে
ক্ষেত্ৰীত কম্বাইন হাৰ্ভেষ্টাৰ প্ৰদান কৃষি বিভাগৰ...

KHETRI

ডিজিটেল সংবাদ গুৱাহাটীঃ কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কামৰূপ মেট্ৰ’ জিলা কৃষি বিভাগৰ অন্তৰ্গত ক্ষেত্ৰী-ডিমৰীয়া আৰু ৰাণী অঞ্চলৰ দুটাকৈ FPC ক্ৰমে আম্প্ৰি অৰেঞ্জ আৰু পখিলা FPC ৰ কৃষকসকলৰ মাজত দুখন কম্বাইন হাৰ্ভেষ্টাৰ (Combine Harvester) প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনা (CMSGUY)ৰ অধীনত কৃষি বিভাগৰ উদ্যোগত ক্ষেত্ৰীৰ উলানী ৰংগমঞ্চত ১৩ অক্টোবৰত কামৰূপ জিলা কৃষি বিষয়া ধীৰেন্দ্ৰনাথ কাৰ্জীয়ে শস্য চপোৱা বহুমূলীয়া যন্ত্ৰ কম্বাইন হাৰ্ভেষ্টাৰ দুখন আনুষ্ঠানিকভাবে প্ৰদান কৰে।

এই উদ্দেশ্যে অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰি নিজৰ ভাষণত জিলা কৃষি বিষয়াগৰাকীয়ে কৃষকৰ আয় দুগুণ কৰাৰ চৰকাৰৰ মহৎ লক্ষ্যৰ কথা সদৰি কৰি চৰকাৰে প্ৰদান কৰা সুবিধাবোৰ গ্ৰহণ কৰিবলৈ কৃষক ৰাইজক আহ্বান জনায়। তেওঁ কয় যে, আমি আজি বিজ্ঞান-প্ৰযুক্তিৰ বহুল প্ৰয়োগৰ এনে এটা যুগত আহি ঠিয় দিছোঁ য’ত কৃষিক্ষেত্ৰতো সময় ৰাহি কৰা, খেতিৰ খৰচ কমোৱাৰ বহুতো সুবিধা উপলব্ধ।

২৫ লাখ টকালৈ ৯০ শতাংশ ৰাজসাহাৰ্যৰে এই হাৰ্ভেষ্টাৰ কিনাৰ কথাও তেওঁ জনায়। লগতে এফ পি চিৰ বিষয়েও চমু ভাষণত সৰলকৈ বুজাই দিয়ে। সভাত উপস্থিত থাকি গুৱাহাটী মহকুমা কৃষি বিষয়া নবজ্যোতি জগন্নাথে কয় যে, বৰ্তমান সময়ত কৃষিক্ষেত্ৰৰ এটা ডাঙৰ সমস্যা হৈছে শ্ৰমিকৰ অভাৱ। ধান ৰোৱা, কটা আদি প্ৰতিটো কামতে শ্ৰমিকৰ অভাবৰ বাবে বহু সময়ত বেমেজালিয়ে দেখা দিয়ে।

কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ সেয়ে ৯০ শতাংশ ৰাজসাহায্যৰে আপোনালোকলৈ আগবঢ়োৱা হৈছে এই অত্যাধুনিক মেছিনটো। ইয়াৰ জৰিয়তে শস্য চপোৱা কাম বৰ সহজ হৈ পৰিব বুলি আমি আশাবাদী। আপোনালোক আটায়ে মিলাপ্ৰীতিৰে মেছিনটোৰ সদ্ব্যৱহাৰ কৰিলে আমি অনাগত সময়ত আৰু নতুন নতুন যন্ত্ৰ-পাতি যোগান ধৰাৰ পদক্ষেপ ল’ব পাৰিম।

সভাখনত কৃষি বিভাগৰ সহ সঞ্চালক (এ ডি এ) বিমলা প্ৰসাদ দেউৰীয়ে যন্ত্ৰবোৰ পেলাই নথৈ ইয়াক কামত লগাবলৈ কোৱাৰ উপৰি জনা-শুনা যুৱচামক এই বহুমূলীয়া মেছিনটোৰ প্ৰশিক্ষণ লোৱাৰ পোষকতা কৰে। সোণাপুৰৰ স্থানীয় কৃষি বিষয়া নিৰোদ নাথ, এ চি এ কোম্পানীৰ এৰিয়া মেনেজাৰ চেলছ মানস কুমাৰ সোম, এফ পি চি দুটাৰ বিষয়ববীয়াৰ লগতে উপস্থিত কেবাগৰাকী কৃষকেও চমু ভাষণ আগবঢ়ায়।

কৃষি বিভাগ তথা কৃষি মন্ত্ৰী অতুল বৰা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো শলাগ লয় কৃষকসকলে। সভাৰ আৰম্ভণিতে আম্প্ৰি অৰেঞ্জ এফ পি চিৰ তৰফৰ পৰা একোখন ফুলাম গামোচা আৰু উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় কৃষি বিষয়াসকলক।

himanta biswa sarma KHETRI ATUL BORA