/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/538c25c7-5e2b-4c3f-842a-3ffcdc50e615/colourplus.jpg)
স্বত্বাধিকাৰী ভাস্কৰ বৰ্মন
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰৰ ৰাজগড়স্থিত কালাৰপ্লাচ এডভাৰটাইজিং এণ্ড পাব্লিছিং নামৰ প্ৰেছটোৱে দুটা দশক সম্পূূৰ্ণ কৰাৰ শুভক্ষণত দেওবাৰে সংবাদ জগতকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তিৰ উপস্থিতিত নতুনকৈ সংযোজন কৰে এটা বুক বাইণ্ডিং ইউনিট। সম্পূৰ্ণ কাৰিকৰী আৰু অত্যাধুনিক প্ৰযুক্তিৰ সা-সৰঞ্জামৰ সৈতে বুক বাইণ্ডিং ইউনিটটোৰ শুভ উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ce9c06a3-58ae-4f13-8096-bc919d1ce35c/colour_plus1.jpg)
আনহাতে উক্ত অনুষ্ঠানৰ মূল দ্বাৰ মুকলি কৰে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে প্ৰকাশক দেবেন কলিতা, সাংবাদিক মনোৰঞ্জন কলিতা, মন্টু কুমাৰ শইকীয়া, অৰুণলোচন দাস, আজাদ ওচমান গনি, কামিনীকান্ত বৰ্মা, অনুপ কুমাৰ শৰ্মা আদিয়ে।
উদ্বোধনী অনুষ্ঠানৰ শেষত কালাৰপ্লাচৰ স্বত্বাধিকাৰী ভাস্কৰ বৰ্মনে অনাগত দিনত ৰাইজৰ আশীৰ্বাদ কামনা কৰাৰ লগতে সহযোগিতা কামনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/973c41fe-9a0e-4954-b305-d992f6220642/colour_plus2.jpg)