Advertisment

ধুবুৰীৰ নদীপথত লন্স নাও আৰু মটৰচালিত নাওৰ মাজত সংঘৰ্ষ

মঙলবাৰে পুৱা প্ৰায় ৯-০০ বজাত ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত যাত্ৰীবাহী লন্স নাও আৰু মটৰচালিত নাওৰ মাজত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে যদিও উক্ত দুৰ্ঘটনাত কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ নদীপথত লন্স নাও আৰু মটৰচালিত নাওৰ মাজত সংঘৰ্ষ

ধুবুৰীৰ নদীপথত লন্স নাও আৰু মটৰচালিত নাওৰ মাজত সংঘৰ্ষ

ডিজিটেল সংবাদ, ধুবুৰী : মঙলবাৰে পুৱা প্ৰায় ৯-০০ বজাত ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত যাত্ৰীবাহী লন্স নাও আৰু মটৰচালিত নাওৰ মাজত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে যদিও উক্ত দুৰ্ঘটনাত কোনো লোকৰ বৰ বিশেষ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

Advertisment

অৱশ্যে দুই-এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আজি পুৱা দক্ষিণ শালমাৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ নদীপথেৰে ধুবুৰীলৈ অহাৰ উদ্যেশ্যে যাত্ৰী বাহী লন্স নাওখন আহি থাকোতে বিৰসিং চৰৰ পাৰ ঘাট পাঁওতে তাৰ পৰা আহি থকা আন এখন যাত্ৰীবাহী যন্ত্ৰচালিত নাৱে লন্সখনত খুন্দা মাৰে। ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। 

যাত্ৰীসকলে চিঞৰ-বাখৰ কৰি নৈত জাঁপ দি প্ৰাণ ৰক্ষা কৰে। অৱশ্যে নৈৰ পানী কম থকাৰ বাবে ভয়াৱহ বিপদৰ পৰা বহু লোকৰ প্ৰাণ ৰক্ষা পৰে । উল্লেখ্য যে লন্সখনত প্ৰায় ১২০ জন যাত্ৰী আছিল। ইপিনে যাত্ৰীবাহী যন্ত্ৰচালিত নাওখনত কিমান যাত্ৰী আছিল সেয়া জানিব পৰা হোৱা নাই।

river