ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা গুজৰাটৰ পোৰবন্দৰত সংঘটিত হয় এক বিমান দুৰ্ঘটনা। ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এখন হেলিকপ্টাৰ হেলিপেডত অৱতৰণ কৰি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ অগ্নিদগ্ধ হয়। এই ঘটনাত ৩ গৰাকীকৈ ক্ৰু সদস্য নিহত হয়।
দুৰ্ঘটনা সংঘটিত হোৱা পাছতে পোৰবন্দৰ অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।প্ৰথমে জুই নিৰ্বাপন কৰি আহত জোৱান কেইজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে। লগে লগে আহতক পোৰবন্দৰৰ চৰকাৰী চিকিৎসালয়লে প্ৰেৰণ কৰা হয় ৷
পৰৱৰ্তী সময়ত চৰকাৰী চিকিৎসালয়ৰ এটা সূত্ৰই জোৱানকেইজনৰ মৃত্যু হোৱাৰ কথা জানিবলৈ দিয়ে ৷ চিকিৎসালয়ত জোৱানকেইজনৰ পৰৱৰ্তী সকলো কাম-কাজ সম্পন্ন কৰাৰ পাছত তেওঁলোকৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়া হ’ব বুলি জানিব পৰা হৈছে ৷