কল ইণ্ডিয়াৰ বন্ধ হৈ থকা টিৰাপ, টিকক পশ্চিম মাইনং মকুলিৰ আশ্বাস...

কল ইণ্ডিয়াৰ বন্ধ হৈ থকা টিৰাপ, টিকক পশ্চিম মাইনং মকুলিৰ আশ্বাস

author-image
Asomiya Pratidin
New Update
কল ইণ্ডিয়াৰ বন্ধ হৈ থকা টিৰাপ, টিকক পশ্চিম মাইনং মকুলিৰ আশ্বাস...

কল ইণ্ডিয়াৰ বন্ধ হৈ থকা টিৰাপ, টিকক পশ্চিম মাইনং মকুলিৰ আশ্বাস

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ CITU ৰ ৰাষ্ট্ৰীয় কল মজদুৰ সংঘৰ ৰাষ্ট্ৰীয় সম্পাদক ডি ডি ৰামানন্দসহ ৰাষ্ট্ৰীয় কল মজদুৰ ইউনিয়নৰ উত্তৰ পূৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ সম্পাদক স্বপন ৰয়, সভাপতি প্ৰদীপ ঘোষাল, কাৰ্য্যকৰি সভাপতি সঞ্জীৱ বৰুৱা , উপ-সভাপতি দ্বয় মিলন বিশ্বাস, শিবু ৰায়, সম্পাদক ৰূপজ্যোতি নেওগৰ উপস্থিত মাৰ্ঘেৰিটা কল ইণ্ডিয়াৰ দিহিং গেষ্ট হাউচত আজি সন্ধিয়া এখন সংবাদমেল অনুষ্ঠিত হয়।

Advertisment

এই সংবাদমেল মূলতঃ টিৰাপ কয়লাখনি মুকলি আৰু টিকক পশ্চিম কয়লাখনি মুকলি সন্দৰ্ভত ডাইৰেক্টৰ অফ টেকনিকেল CILৰ তৰফৰ পৰা নিশ্চয়তা CITUক প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে ৰাষ্ট্ৰীয় সম্পাদক ডি ডি ৰামানন্দ । কিছুদিন পূৰ্বে CITUৰ কেন্দ্ৰীয় নেতৃত্বৰে সৈতে ডাইৰেক্টৰ অফ টেকনিকেল CILৰ এক আলোচনা মৰ্মে অতি সোনকালে উত্তৰ পূৱ কয়লাক্ষেত্ৰৰ টিৰাপ আৰু টিৰাপ পশ্চিম মাইনিং মুকলি কৰাৰ নিশ্চয়তা প্ৰদান কৰে।

ইয়াৰ উপৰিও তেওঁ শেহতীয়াকৈ কল ইণ্ডিয়াৰ মাৰ্ঘেৰিটা কাৰ্য্যালয়ৰ অন্তৰ্গত কয়লা ক্ষেত্ৰসমূহৰ পৰা যিসকল শ্ৰমিক কৰ্মচাৰী অন্যান্য কয়লা ক্ষেত্ৰলৈ বদলি কৰিছিল সেইসমূহ শ্ৰমিক কৰ্মচাৰী পুনৰ অসমলৈ উভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অৱসৰকালীন পেঞ্চন আঁ‌চনিসমূহ শ্ৰমিক কৰ্মচাৰীসকলে তৎক্ষণাত লাভ কৰে সেই সন্দৰ্ভতো এক যুগাত্মক আলোচনা কল ইণ্ডিয়া কৰ্তপক্ষেৰে হৈছে বুলি এই সংবাদমেলত জানিবলৈ দিয়ে। তেওঁ দুটাকৈ নতুন মাইনিং কোম্পানীত স্থানীয় যুৱকে চাকৰি দিয়াৰো দাবী সংবাদমেল যোগে কল ইণ্ডিয়াক জনায়।

মাৰ্ঘেৰিটা কল ইণ্ডিয়া