/asomiyapratidin/media/media_files/2025/06/03/f99CSZEvHUJuBpUcQGkf.jpg)
মুখ্যমন্ত্ৰীৰ তৎপৰতাক শলাগ বানাক্ৰান্তৰ
ডিজিটেল ডেস্কঃ নীপকোয়ে হঠাৎ পানী এৰি দিয়াৰ ফলত ৰঙানদীৰ পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছিল লখিমপুৰ জিলাৰ আমতলাৰ ১২খনকৈ গাওঁত। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰিছিল বানবিধস্ত সেই অঞ্চলসমূহ। ৰাইজে সেই সময়ত মুখ্যমন্ত্ৰীক কৰা আহ্বান ১২ ঘণ্টা নহওঁতেই পূৰণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
আমতলা মথাউৰিৰ চেনেল কাটিং কৰি পানী উলিয়াই দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল ৰাইজে। সেই আহ্বান মানি বানাক্ৰান্ত ৰাইজক দিয়ে সকাহ। মুখ্যমন্ত্ৰীৰ এই তৎপৰতাক শলাগ লৈছে ৰাইজে।