/asomiyapratidin/media/media_files/2025/02/01/zQe7WzDT7q8NMyrcJT06.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালন কৰিলে বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিচন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ উদ্যোগত কলিয়াবৰ জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে সময় অতিবাহিত কৰি ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰাৰ লগতে এক প্ৰীতি ভোজৰ আয়োজন কৰে।
উল্লেখযোগ্য যে, অন্ধ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ দিশত নিজৰ পাৰদৰ্শিতা প্ৰৰ্দশন কৰি অহাৰ উপৰিও সাংস্কৃতিক ক্ষেত্ৰখনত ৰাজ্যখনৰ ভিতৰতে এক সুনাম কঢ়িয়াই আনিছে। ৰাজ্যৰ বিভিন্ন অনুষ্ঠানত গীত পৰিবেশন কৰি সুনাম অৰ্জন কৰা বিদ্যালয়খনৰ অন্ধ ছাত্ৰ,শিল্পী দিগন্ত নাথে মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিনৰ বাবে গীত ৰচনা কৰি তেওঁৰ জন্মদিনটোত পৰিবেশন কৰি মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি থকা মৰম প্ৰকাশ কৰাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ বিদ্যালয়খনলৈ মুখ্যমন্ত্ৰী গৰাকীক আমন্ত্ৰণ জনায় ।
অন্ধ ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ প্ৰিয় মামাৰ দীৰ্ঘায়ু কামনা কৰে। জন্মদিনৰ কাৰ্যসূচীত এটি কণমাণি অন্ধ ছাত্ৰই "মানুহে মানুহৰ বাবে" গীত পৰিবেশন কৰি সকলোকে মুগ্ধ কৰি তোলে। জন্মদিনৰ কাৰ্যসূচীত উপস্থিত থাকি কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ সংখ্যক জন্মদিনত কলিয়াবৰ জিলা বিজেপি আৰু বঢ়মপুৰবাসীৰ হৈ শুভেচ্ছা জনোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ কুশল মংগল কামনা কৰে।
মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে পুৱাৰে পৰা বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ কৰ্মকৰ্তা সকলে স্বচ্ছ ভাৰত অভিযানকে ধৰি কলিয়াবৰ জিলা সমিতিৰ বিভিন্ন স্থানত জন্ম দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।ইয়াৰ উপৰিও সন্ধ্যা পুৰণিগুদাম ভেৰভেৰিস্থিত মহা মৃত্যুঞ্জয় মন্দিৰত ১০১ গছি বন্তি প্ৰজ্বলন কৰি মুখ্যমন্ত্ৰী গৰাকীৰ কুশল মংগল কামনা কৰে বিজেপিৰ কৰ্মকৰ্তা আৰু স্থানীয় লোকসকলে।