৮ হাজাৰ টকা! চিএম ভিজিলেন্সৰ অভিযানত হাত দাঙিলে আৰক্ষীৰ উপ পৰিদৰ্শকে

৮ হাজাৰ টকা! চিএম ভিজিলেন্সৰ অভিযানত হাত দাঙিলে আৰক্ষীৰ উপ পৰিদৰ্শকে

author-image
Asomiya Pratidin
New Update
৮ হাজাৰ টকা! চিএম ভিজিলেন্সৰ অভিযানত হাত দাঙিলে আৰক্ষীৰ উপ পৰিদৰ্শকে

ডিজিটেল ডেস্কঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফকিৰগঞ্জ থানাত চিএম ভিজিলেঞ্চৰ অভিযান। এটা দলে অভিযান চলাই ফকিৰগঞ্জ থানাৰ উপ পৰিদৰ্শক ফজিয়েল হকক ঘোচ লোৱাৰ সময়ত হাতেলোটে আটক কৰে ৷

Advertisment

ফজিয়েক হক নামৰ উপ পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈ আছিল। সেইসময়তে সোমবাৰে চিএম ভিজিলেঞ্চৰ অভিযানত হাতেলোটে ধৰা পৰে উপ পৰিদৰ্শকগৰাকী ৷

জানিব পৰা মতে এটা গোচৰ মিমাংসা কৰাৰ নামত এগৰাকী ভুক্তভোগীৰ পৰা দাবী কৰিছিল ৩০ হাজাৰ টকা৷ আজি ভুক্তভোগী গৰাকীয়ে ৮হাজাৰ টকা ঘোচ দিয়াৰ সময়তে চিএম ভিজিলেঞ্চৰ জালত পৰে ফজিয়েল হক ৷ বৰ্তমান দলটোৱে থানাৰ ভিতৰতে জেৰা অব্যাহত ৰাখিছে ঘোচখোৰ ফজিয়েল হকক ।

Also Read: আপুনিও সঘনাই কথা পাহৰে নেকি, তেন্তে পঢ়ক...

cm vigilance south salmara