/asomiyapratidin/media/media_files/2025/01/30/BKxn323h59j3DjA46TAv.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেৰ দুৰ্নীতিৰ তদন্তৰ বাবে পুনৰ অভিযান চলাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে । বৃহস্পতিবাৰে তিনিটাকৈ স্থানত অভিযান চলাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ।
দুৰ্নীতিগ্ৰস্ত এই বিষয়া গৰাকীক বিভাগটোৱে গ্ৰেপ্তাৰ কৰাবনে ৰক্ষণাবেক্ষণৰ সুযোগ দিছে তাকলৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উঠিছে ৷ অশ্বিনী কুমাৰ দলে কোটি কোটি টকাৰ মাটি-সম্পতি তথা টকাৰ গৰাকী হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছটো তেওঁক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই ৷ বৰঞ্চ তদন্তৰ নামত তদন্ত কৰি বিষয়া গৰাকীক আগতীয়া জামিন লাভৰ কিয় সুযোগ দিয়া হৈছে তাক লৈ প্ৰশ্ন উঠিছে সচেতন ৰাইজৰ মাজত ।
আজি হালোৱাটিং, গৌৰিসাগৰ আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয় চৌহদত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে পুনৰ অভিযান চলাই। চিকিৎসালয় চৌহদত দোকানৰ গৃহ নিৰ্মাণ কৰিছিল জিলা পৰিষদৰ পুঁজিৰে । সেই দোকানসমূহ নিৰীক্ষণ কৰে তদন্তকাৰী দলটোৱে ৷