/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ যান-বাহন শাখাত বুধবাৰে চি এম ভিজিলেঞ্চৰ দলে অভিযান চলায়। উৎকোচ লৈ চিএম ভিজিলেঞ্চে হাতে লোটে গ্ৰেপ্তাৰ কৰে গৌৰীপুৰ আৰক্ষী থানাৰ মহিলা লেন্স নায়ক মমতা বৰ্মনক।
জানিব পৰা মতে ১০ হেজাৰ টকা উৎকোচ লোৱা অৱস্থাত মহিলা লেন্স নায়ক মমতা বৰ্মনক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে যোৱা ৫ মে'ত দুৰ্ঘটনাগ্ৰস্ত গাড়ী এখন জিম্মাৎ দিয়াৰ বাবে ১০ হেজাৰ টকা উৎকোচ হিচাপে দাবী কৰিছিল মহিলা লেন্স নায়ক তথা তদন্তকাৰী বিষয়া জনীয়ে।
জানিব পৰা মতে মমতা বৰ্মন লেন্স নায়ক যদিও সম্প্ৰতি স্নাতক উত্তীৰ্ণক গোচৰৰ তদন্ত কৰাৰ দ্বায়িত্ব অৰ্পণ কৰিছিল।গৌৰীপুৰ আৰক্ষী থানাৰ ১৯৯/২৫ নম্বৰৰ গোচৰৰ তদন্ত কৰি আহিছে মহিলাগৰাকীয়ে। পাছত দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ স্বত্বাধিকাৰীৰ পৰা গাড়ী জিম্মাৎ দিয়াৰ নামত ধন দাবী কৰি অনা বুলি জানিব পৰা গৈছে।