ডিজিটেল সংবাদ, শিৱসাগৰঃ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ধনকুবেৰ অশ্বিনী কুমাৰ দলেৰ লুণ্ঠনৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে এইবাৰ শিৱসাগৰ জিলা পৰিষদৰ পুৰণি কাৰ্যালয়ত অভিযান চলায় ।
ঐতিহাসিক শিৱদ’লৰ সন্মুখৰ পুৰণি কাৰ্যালয়ত শেহতীয়াকৈ অশ্বিনী 12d চিনে ৱৰ্ল্ড নামেৰে এটা চিনেমা গৃহ নিৰ্মাণ কৰিছিল অশ্বিনী দলেয়ে । উল্লেখযোগ্য যে অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে আয়তকৈ সম্পত্তিৰ পৰিমাণ বেছি থকাৰ অভিযোগ আছে।
দলেৰ আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে যোৱা ৪ জানুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে অভিযান চলাইছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। অসমৰ পাঁচটা স্থানত ঘৰ মাটি থকাৰ উপৰিও দিল্লীটো ফ্লেট আছে অশ্বিনী কুমাৰ দলেৰ ৷