গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ টুইট

যিকোনো মুহূৰ্ততে ভাৰত এৰিব পাৰে গৌৰৱ গগৈয়ে। এই মন্তব্য় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

author-image
Asomiya Pratidin
New Update
web ap gg

গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ টুইট

ডিজিটেল ডেস্কঃ যিকোনো মুহূৰ্ততে ভাৰত এৰিব পাৰে গৌৰৱ গগৈয়ে। এই মন্তব্য় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। সোমবাৰে লোকসভাত যোৰহাটৰ সাংসদগৰাকীৰ উদাক্ত ভাষণ প্ৰদান কৰাৰ পাছতে পুনৰ মুখ্যমন্ত্ৰীগৰাকীৰ গৌৱৰ গগৈৰ পাকিস্তানৰ লিংক সন্দৰ্ভত গুৰুত্বপূৰ্ণ টুইট। 

মঙলবাৰে পুৱা মুখ্যমন্ত্ৰী গৰাকীয়ে এক্সৰ জৰিয়তে সদৰি কৰে যে, যোৰহাটৰ আমাৰ সাংসদে কালি সংসদত দিয়া ভাষণে নিঃসন্দেহে প্ৰমাণ কৰিলে যে তেওঁ পাকিস্তানৰ হৈ কাম কৰে। তেওঁৰ গোপন ভ্ৰমণ আৰু পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথাই কয়। পত্নী আৰু দুয়োটা ল’ৰা-ছোৱালীয়ে বিদেশী নাগৰিকত্ব লাভ কৰিছে। তেওঁ যিকোনো সময়তে ভাৰত এৰি যাব পাৰে। তেওঁ অসমৰ বাবে বদনাম আৰু এইয়া গৌৰৱী ভাৰতীয় হিচাপে আমাৰ গৌৰৱৰ প্ৰতি কৰা প্ৰতাৰণা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটে এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা। 

গৌৰৱ গগৈ