নন্দিনীৰ সৈতে মেহবুবুল হকৰ কানেকশ্যনঃ কি ক'লে মুখ্যমন্ত্ৰীয়ে...

নন্দিনীক বচাবলৈ ইউ এছ টি এমৰ উপাচাৰ্য মেহবুবুল হকে ছামিউলৰ পৰিয়ালক মেনেজ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। নন্দিনীৰ গাৰ পৰা এই দুৰ্ঘটনাৰ চেকা

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ নন্দিনীক বচাবলৈ ইউ এছ টি এমৰ উপাচাৰ্য মেহবুবুল হকে ছামিউলৰ পৰিয়ালক মেনেজ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। নন্দিনীৰ গাৰ পৰা এই দুৰ্ঘটনাৰ চেকা মচিবলৈ মেহবুবুল হকে ছামিউলৰ পৰিয়ালক ৫লাখ টকাৰ লগতে হস্পাতালৰ সকলো বিল আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

Advertisment

ছামিউলৰ মোমায়েকে এই অভিযোগ উত্থাপন কৰাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে,  ইউ এছ টি এমৰ উপাচাৰ্যগৰাকীৰ কিবা এটা হৈছে। যতে-ততে সোমাই থাকে। এবাৰ অলপ দিন জেইলত থাকি ভাল হৈছিল, কিন্তু আকৌ একে হৈছে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে তেওঁ যি ঠাইত বিশ্ববিদ্যালয় স্থাপন কৰিছে সেই সকলোবোৰ বনাঞ্চলৰ মাটি। গতিকে এই ক্ষেত্ৰত মেঘালয় চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সময়তহে দেখা যাব। মইতো বিচাৰো যে এতিয়াই ভাঙি পেলাব লাগে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা