ৰাজ্যিক কেবিনেট বৈঠকৰ সিদ্ধান্ত : ৯ ডিচেম্বৰত ৮৬০ গছি বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰিব ছহিদক

কেইবাগৰাকী মন্ত্ৰী উপস্থিত থকা এই বৈঠকত আগন্তুক দিনৰ উন্নয়নৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ কেবিনেটত বিশেষকৈ ছহিদ দিৱসক লৈ কেতবোৰ আলোচনা কৰা হয়। আনহাতে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি আজিৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। 

author-image
Asomiya Pratidin
New Update
new ap web cm (1)

ডিজিটেল ডেস্ক : জনতা ভৱনত দেওবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই কেবিনেট বৈঠক। 

কেইবাগৰাকী মন্ত্ৰী উপস্থিত থকা এই বৈঠকত আগন্তুক দিনৰ উন্নয়নৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ কেবিনেটত বিশেষকৈ ছহিদ দিৱসক লৈ কেতবোৰ আলোচনা কৰা হয়। আনহাতে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি আজিৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। 

কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-

  • ১০ ডিচেম্বৰত গুৱাহাটীৰ বৰাগাঁৱত উদ্বোধন হ’ব ছহিদ স্মাৰক।
  • ৯ ডিচেম্বৰত ৮৬০ গছি বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰিব ছহিদক।
  • ১০ ডিচেম্বৰৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ কৰিব ৮৬০ ছহিদৰ পৰিয়ালক।
  • প্ৰতি জিলাতে ১-১০ সহস্ৰাধিকে পৰিৱেশন কৰিব ‘ছহিদ প্ৰণামো তোমাক’।
  • NHMত কাম কৰি থকা সময়ত মৃত্যু হোৱা কৰ্মীলৈ সাহায্য ৭.৫লাখ টকালৈ বৃদ্ধি।
  • পূৰ্বে এই ধনৰাশিৰ পৰিমাণ আছিল ৫লাখ টকা।
  • ৫খন মিনি ITIত কাম কৰি থকা কৰ্মচাৰীৰ দৰমহা ৩৫% বৃদ্ধিৰ সিদ্ধান্ত।
  • লগতে প্রতিবছৰে ৬%কৈ দৰমহা বৃদ্ধি হ’ব এই সকল কৰ্মচাৰীৰ।
  • ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰা হৈছিল।
  • মহাবিদ্যালয়কেইখনৰ পূৰ্বৰ অধ্যক্ষসকলৰ কাৰ্যকাল ৩বছৰ বৃদ্ধি।
  • বিশ্ববিদ্যালয়ৰ ধাৰাবাহিকতা ৰক্ষাৰ অৰ্থে এই সিদ্ধান্ত।
  • ৬জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত দাখিল কৰা প্রতিবেদনক লৈ আলোচনা।
  • কেবিনেট কমিটীৰ এই প্রতিবেদনে ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ পথ মুকলি কৰিব।
  • লগতে বৰ্তমানৰ জনগোষ্ঠীখিনিৰো কোনো ক্ষতি নহয়।
  • CCTOAক আলোচনালৈ আমন্ত্রণ জনোৱা হ’ব।
  • কংগ্ৰেছে যদি ভাল পৰামৰ্শ দিব পাৰে আমাক দিওক।
  • NHMৰ প্রতিবাদী কাৰ্যসূচীক লৈ মুখ্যমন্ত্রীৰ মন্তব্য।
  • ‘নিৰ্বাচনৰ পূৰ্বে আন্দোলন হ’লে আমি কাৰ সৈতে আলোচনা কৰিম’ বুলি মন্তব্য ড০ শৰ্মাৰ।
Dr. Himanta Biswa Sarma