কেবিনেট সিদ্ধান্তঃ নতুনকৈ গঠন কৰা হ'ব ১০খনকৈ সম জিলা...

৮ ছেপ্টেম্বৰত ৰাষ্ট্রপতি নাইবা প্রধানমন্ত্রীৰ উপস্থিতিত অনুষ্ঠানৰ আৰম্ভণি কৰিব বুলি ঘোষণা কৰে আজিৰ কেবিনেটে। এটা অনুষ্ঠান ৰাজধানী দিল্লীত, আনটো গুৱাহাটীত অনুষ্ঠিত হ'ব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
n

ডিজিটেল সংবাদ,গুৱাহাটীঃ আজি জনতা ভৱনত ৰাজ্যিক কেবিনেট বৈঠক সম্পন্ন হয়। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ সিদ্ধান্ত সমূহ-

Advertisment
  • নতুনকৈ ১০খন সম জিলা গঠনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ইয়াৰে এখন সম জিলা হ’ব বকো-ছয়গাঁও সমষ্টিত, দ্বিতীয়খন সম জিলা হ’ব পলাশবাৰী সমষ্টিত, তৃতীয়খন সম জিলা হ’ব শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিত, শোণিতপুৰৰ ৰঙাপাৰাত হ’ব চতুৰ্খখন সম জিলা হ’ব। তিনিচুকীয়া জিলাৰ মাকুম, ডিগবৈ, যোৰহাট জিলাৰ টীয়ক আৰু মৰিয়নি জিলাতো হ’ব নতুন সম জিলা। কাছাৰ জিলাৰ ধলাই আৰু গোৱালপাৰাৰ দুধনৈত হ’ব নতুন সম জিলা।

  • নিৰ্মীয়মাণ ৮খন কেন্সাৰ হাস্পতাললৈ ২৫০ কোটি টকা আৱন্তন

ডিফু, ধুবুৰী, তিনিচুকীয়া, গোলাঘাট, শিৱসাগৰ, নগাঁও, নলবাৰী আৰু গোৱালপাৰাৰ কেন্সাৰ প্ৰতিষ্ঠানলৈ ২৫০ কোটি টকাৰ অনুমোদন জনাই কেবিনেটে। ইতিমধ্যে, ২৫০০ কোটি টকা ব্যয় কৰিছে ৰাজ্য চৰকাৰে।

  • বছৰজোৰা কাৰ্যসূচীৰে উদযাপন হ’ব ড০ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠান

৮ ছেপ্টেম্বৰত ৰাষ্ট্রপতি নাইবা প্রধানমন্ত্রীৰ উপস্থিতিত অনুষ্ঠানৰ আৰম্ভণি কৰিব বুলি ঘোষণা কৰে আজিৰ কেবিনেটে। এটা অনুষ্ঠান ৰাজধানী দিল্লীত, আনটো গুৱাহাটীত অনুষ্ঠিত হ'ব। লগতে অৰুণাচল, কলকাতা আৰু মুম্বাইত আয়োজন কৰিব বিশেষ অনুষ্ঠান। ভূপেন হাজৰিকাৰ নামত এটা বিশেষ আন্তঃগাঁথনি নিৰ্মাণৰ ঘোষণা কৰে কেবিনেটে। মুখ্যমন্ত্রীয়ে নতুন বছৰৰ গ্রীটিংছৰ লগতে দিব সুধাকণ্ঠৰ জীৱনীমূলক গ্রন্থ।অনুৰাধা শৰ্মা পূজাৰীয়ে সম্পাদনা কৰিব জীৱনীমূলক গ্রন্থ। ১০ লাখ কপি ছপা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাই কেবিনেটে। উল্লেখ্য যে সুধাকণ্ঠৰ নামত এটা মুদ্রা উলিয়াবলৈ কেন্দ্রক অনুৰোধ জনোৱা হ’ব বুলি আজি ঘোষণা কৰে কেবিনেটে।

  • চাৰিটা গাখীৰ উৎপাদন কেন্দ্ৰ পৰিচালনাৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যৌথ সংস্থা North-East Dairy and Foods Limitedক অৰ্পণৰ সিদ্ধান্ত লয় কেবিনেটে।
অসম কেবিনেট