মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ ১০টা ডাঙৰ ঘোষণা...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ  ১০টা ডাঙৰ ঘোষণা...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সম্বোধন কৰে এখন সংবাদমেল। কেবিনেট বৈঠকৰ পিছতে আয়োজন কৰা এই সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী সংবাদমেলৰ গুৰুত্বপূৰ্ণ কথাঃ-

১. আগন্তুক দুমাহৰ ভিতৰত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলে পাব ১০,০০০ আৰু ১২,৫০০ হাজাৰকৈ টকা। ইতিমধ্যে ৰাজ্য চৰকাৰৰ কেবেনেটে এই আঁচনিত অনুমোদন জনাইছে।

২. আত্মনিৰ্ভৰ অসম আচনিৰ অধীনত ছেপ্তেম্বৰ মাহৰ ভিতৰত ৰাজ্যৰ ৩০হাজাৰ যুৱকক প্ৰদান কৰা হব ১লাখকৈ টকা। খানাপাৰাত এক অনুষ্ঠানত প্ৰদান কৰা হব এই ধনৰাশি।

৩. লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ কৰা হব ধাৰাবাহিক। প্ৰসাৰ ভাৰতী আৰু ৰাজ্য চৰকাৰৰ সহযোগত নিৰ্মাণ কৰিবলগীয়া এই ধাৰাবাহিকখনৰ বাবে ১০কোটি টকা ধাৰ্য কৰা হৈছে। ৫২টা খণ্ডত দেশৰ সকলো ভাষাৰ দুৰদৰ্শনত প্ৰচাৰ কৰা হব এই ধাৰাবাহিক।

৪. অসমৰ ৯৩টা সমষ্টিত বিজেপি অনুষ্ঠিত কৰিব বিশেষ সভা। ইয়াৰ লগতে বিজেপিয়ে কম ভোট পোৱা ৩২টা সমষ্টিতো বিজেপিয়ে একোখনকৈ সভা আয়োজন কৰি পৰ্যালোচনা কৰিব সকলো বিষয়।

৫. আগন্তুক নৱেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হব পঞ্চায়ত নিৰ্বাচন। নতুনকৈ পঞ্চায়ত নিৰ্ধাৰণ কাম কাজ ৩০ আগষ্টত সম্পূৰ্ণ হব বুলি সংবাদমেলত ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ।

৬. অসমৰ ১৫লাখ ব্যক্তিয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন জনোৱাৰ কথা জনায় হিমন্ত বিশ্ব শৰ্মাই।

৭. অৰণোদয় আচনিৰ অধিক প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব কিছু বিশেষ প্ৰদক্ষেপ। ইয়াৰ বাবে দুগৰাকী কেবিনেট মন্ত্ৰীক প্ৰদান কৰা হৈছে দায়িত্ব।

৮.  ৰাজ্যত অনুষ্ঠিত হব লগীয়া উপ নিৰ্বাচনত নতুন সমষ্টি ভিত্তিক অনুষ্ঠিত নহয়। পুৰণি সমষ্টিভিত্তিতে অনুষ্ঠিত হব বিধানসভাৰ উপ নিৰ্বাচন। উল্লেখ্য যে, অসমত ৫সমষ্টিত হব উপ নিৰ্বাচন।

৯.  এইবাৰ ধুবুৰীত ১০লাখ ভোটত কংগ্ৰেছ জয়ী হোৱা ঘটনাটোৱে এক অশনি সংকেত কঢ়িয়াই আনিছে। আমাৰ বাবে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুচেইন একেই। কংগ্ৰেছ এতিয়া ১০০শতাংশ মুছলিম সমৰ্থন প্ৰাপ্ত দল।

১০.  যোৰহাটত কংগ্ৰেছৰ বিজয়ে প্ৰমাণ কৰে যে, হিন্দু মানুহে সকলোকে ভোট দিয়ে। কিন্তু ধুবুৰীত কেৱল মুছলমানে কংগ্ৰেছকেই ভোট প্ৰদান কৰিছে। গতিকে ইয়াৰ পৰা প্ৰমাণ হয় যে, কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in