এইবাৰ ৬০% পালেই স্কুটি,অহাবাৰৰ পৰা পুনৰ ৭৫%, ছাত্ৰীৰ একাউন্টতো সোমাব ধন- মুখ্যমন্ত্ৰীৰ ঘোষণা

এইবাৰ ৬০% পালেই স্কুটি,অহাবাৰৰ পৰা পুনৰ ৭৫%, ছাত্ৰীৰ একাউন্টতো সোমাব ধন- মুখ্যমন্ত্ৰীৰ ঘোষণা
Published on
Updated on

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সম্বোধন কৰে এখন গুৰুত্বপূৰ্ণ সংবাদমেল। এই সংবাদমেলত  মুখ্যমন্ত্ৰী নিযুত মইনা আচঁনিক আনুষ্ঠানিক অনুমোদন প্ৰদান কৰাৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই।

এই আঁচনি অনুসৰি,   উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰীয়ে মাহে ১০০০টকা লাভ কৰিব। স্নাতক পৰ্যায়ৰ প্ৰতিগৰাকী ছাত্ৰীয়ে মাহে ১২৫০টকাকৈ আৰু স্নাতকোত্তৰত লাভ কৰিব ২৫০০টকাকৈ ধন লাভ কৰিব। প্ৰতিমাহৰ ১১তাৰিখে বেংক একাউন্ট জমা হ’ব ধন। 

বিবাহিত কোনো ছাত্ৰী নাইবা কলেজ এৰা ছাত্ৰীয়ে নাপাব এই আচঁনিৰ সুবিধা। অৱশ্যে স্নাতকোত্তৰত বিবাহিত ছাত্ৰীয়েও লাভ কৰিব এই ধন।  বি এডত নামভৰ্তি কৰা সকলেও লাভ কৰিব এই ধনৰাশি। জুন-জুলাই মাহ বাদ দি বাকী ১০ মাহে লাভ কৰিব এই ধন। ইয়াৰ বাবে ৩০০কোটি টকা ধাৰ্য। এই বছৰৰে ১১অক্টোবৰত লাভ কৰিব প্ৰথম কিস্তিৰ ধন।

ভেন্সাৰ কলেজত পঢ়া ছাত্ৰীসকলেও লাভ কৰিব এই চৰকাৰী সুবিধা। অৱশ্যে প্ৰধান শিক্ষকৰ পৰা ইয়াৰ বাবে লব লাগিব প্ৰমাণ পত্ৰ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ নামত এটা পৰ্টেল খোলা হব আৰু তাতে লাভ কৰিব আবেদন পত্ৰ। 

ইফালে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে,  এইবাৰ প্ৰায় ৫০হাজাৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটী। এইবাৰ ৬০শতাংশ নম্বৰ লাভ সকলেও পাব স্কুটী। অহা বৰ্ষত ৭৫শতাংশ নম্বৰ লাভ কৰা সকলেহে স্কুটী লাভ কৰিব।

এইবাৰ ৬০% পালেই স্কুটি,অহাবাৰৰ পৰা পুনৰ ৭৫%, ছাত্ৰীৰ একাউন্টতো সোমাব ধন- মুখ্যমন্ত্ৰীৰ ঘোষণা
চিৰাঙৰ বাসুগাঁৱত চম্পাৱতী নৈৰ ৰে'ল দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in