Advertisment

নতুন বছৰৰ পৰিকল্পনা লৈ মন্ত্ৰী-বিধায়কৰে বৈঠকত মিলিত হ'ল মুখ্যমন্ত্ৰী

বৈঠকত মিত্রদলৰ উমৈহতীয়া বিষয়ত আলোচনা কৰা হয় ।নতুন বছৰটোত গ্ৰহণ কৰিবলগীয়া কৰ্মসূচীৰ বিষয়ে সভাত বিশদ আলোচনা কৰাৰ লগতে এইক্ষেত্রত মুখ্যমন্ত্ৰীয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।

author-image
Asomiya Pratidin
New Update
wer

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। এন ডি এ গোটৰ মন্ত্রী-বিধায়ক আৰু সাংসদসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। উক্ত সভাত বিগত বৰ্ষটোৰ ৰাজনৈতিক দিশ সমূহক লৈ বিশদভাৱে আলোচনা কৰে।

Advertisment

মুখ্যমন্ত্রীয়ে প্ৰথমে পুৱাৰ পৰা সন্ধিয়ালৈ নিজ দলৰ মন্ত্রী, বিধায়ক আৰু সাংসদৰে এখন বৈঠকত মিলিত হৈ তেওঁলোকৰ পৰা বিগত বৰ্ষটোৰ কাম-কাজৰ খতিয়ান লয়।চৰকাৰী আঁচনি সন্দৰ্ভতো বৈঠকত পৰ্যালোচনা কৰে লগতে দলৰ জনপ্ৰতিনিধি সকলক ২০২৫ বৰ্ষটোক গুৰুত্ব সহকাৰে লৈ কাম কৰাৰ আহ্বান জনাই মুখ্যমন্ত্রী শৰ্মাই।

পৰৱৰ্তী সময়ত মিত্রদল অগপ আৰু ইউ পি পি এলৰ মন্ত্রী-বিধায়ক আৰু সাংসদৰে বৈঠকত মিলিত হয় মুখ্যমন্ত্রী। উক্ত বৈঠকত মিত্রদলৰ উমৈহতীয়া বিষয়ত আলোচনা কৰা হয় ।নতুন বছৰটোত গ্ৰহণ কৰিবলগীয়া কৰ্মসূচীৰ বিষয়ে সভাত বিশদ আলোচনা কৰাৰ লগতে এইক্ষেত্রত মুখ্যমন্ত্ৰীয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।

আগন্তুক পঞ্চায়ত নিৰ্বাচন, বি টি আৰ নিৰ্বাচন আৰু কেইবাখনো পৰিষদৰ নিৰ্বাচনৰ লগতে বিশেষকৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশলকলৈ বৈঠকত সবিস্তাৰে আলোচনা কৰা হয় ।

মুখ্যমন্ত্ৰী