গৌৰৱ গগৈৰ দৰে ব্যক্তিৰ কথা আলোচনা কৰি লাভ নাইঃ মুখ্যমন্ত্ৰী

বাক্সাৰ জালাহত দলীয় কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিটিচিৰ নিৰ্বাচনক লৈ বাক্সাৰ পাঁচটা পৰিষদীয় সমষ্টিৰ কৰ্মকৰ্তা সকলক লৈ অনুষ্ঠিত হৈছিল এই সভা।

author-image
Asomiya Pratidin
New Update
mmmmmmmmmmmm

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সাৰ জালাহত দলীয় কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিটিচিৰ নিৰ্বাচনক লৈ বাক্সাৰ পাঁচটা পৰিষদীয় সমষ্টিৰ কৰ্মকৰ্তা সকলক লৈ অনুষ্ঠিত হৈছিল এই সভা। সভাৰ শেষত সাংবাদিকৰে হোৱা সাক্ষা কাৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

Advertisment

মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰত শাসনৰ বাবে ৰাজনীতি নকৰে বুলি উল্লেখ কৰে। লগতে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈকো কৰে তীব্ৰ সমালোচনা। মুখ্যমন্ত্ৰীৰ মুখত পুনৰ প্ৰকাশ পাই বিদেশী প্ৰসংগ। গৌৰৱ গগৈৰ দুই সন্তান এতিয়াও ভাৰতীয় নাগৰিকত্ব লোৱা নাই বুলি কৰে উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গৌৰৱ গগৈৰ দৰে ব্যক্তিৰ কথা আলোচনা কৰি লাভ নাই বুলিও মুখ্যমন্ত্ৰীয়ে কৰে উল্লেখ। 

ইফালে, অখিল গগৈ সন্দৰ্ভতো তাৎপৰ্য পূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। ২০০৮ চনৰ পৰা অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক মানসিক নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰে। সংবাদমেল অনুষ্ঠিত কৰি সময় নষ্ট কৰাতকৈ শিৱসাগৰ সমষ্টিৰ লোকৰ সৈতে মত বিনিময় কৰিবলৈ পৰামৰ্শ অখিল গগৈক। 

ড০ হিমন্ত বিশ্ব শৰ্মা বিটিআৰ বাক্সা