একুৱা টেক পাৰ্কখনে মীন উন্নয়নৰ ক্ষেত্ৰত আদৰ্শ হিচাপে কাম কৰিবঃ হিমন্ত বিশ্ব শৰ্মা

একুৱা টেক পাৰ্কক আধুনিক জলজ কৃষি কৌশলৰ কেন্দ্ৰ হিচাপে কল্পনা কৰা হৈছে, যাৰ লক্ষ্য হৈছে মীন উৎপাদন বৃদ্ধি আৰু অসমৰ যুৱক-যুৱতীসকলক উপাৰ্জনৰ সুযোগ প্ৰদান কৰা।

author-image
Asomiya Pratidin
New Update
new ap web 4 (2)

ডিজিটেল সংবাদ,গুৱাহাটীঃ  আজি সোণাপুৰৰ বগীবাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো একুৱা টেক পাৰ্ক উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাবাৰ্ড, আইচিএআইচিআইএফ, অসম চৰকাৰ, চেলকো ফাউণ্ডেশ্যন, জিআইজেডৰ সহযোগত এই পাৰ্ক খন গঢ়ি তোলা হৈছে।

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মীন উৎপাদনৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি আত্মনিৰ্ভৰশীল অসম গঢ়াৰ লক্ষ্যৰে ডিমৰীয়াৰ বগীবাৰীস্থিত আগশাৰী স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীয়ে লোৱা এই প্ৰচেষ্টাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰে।

লক্ষ্যণীয় যে, একুৱা টেক পাৰ্কক আধুনিক জলজ কৃষি কৌশলৰ কেন্দ্ৰ হিচাপে কল্পনা কৰা হৈছে, যাৰ লক্ষ্য হৈছে মীন উৎপাদন বৃদ্ধি আৰু অসমৰ যুৱক-যুৱতীসকলক উপাৰ্জনৰ সুযোগ প্ৰদান কৰা। এই উদ্যানখনে মীন উন্নয়নৰ ক্ষেত্ৰত আদৰ্শ হিচাপে কাম কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
 
উল্লেখ্য যে, জলসংবৰ্ধন ক্ষেত্ৰৰ যোগেৰে ইতিমধ্যে কলং কপিলীয়ে বিজ্ঞানসন্মত মীন পালন, মাছৰ পোনা উৎপাদন, মৎসপালন সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদানেৰে বিভিন্নজনক সংস্থাপনৰ বাট দেখুৱাই দেশে-বিদেশে প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম হৈছে। এই কাৰ্যসূচীত মন্ত্ৰী কৃষ্ণেন্দু পাল, স্থানীয় বিধায়ক অতুল বৰা, মীন বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

হিমন্ত বিশ্ব শৰ্মা