ঐতিহ্যমণ্ডিত কুজি সত্ৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

ঐতিহ্যমণ্ডিত কুজি সত্ৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...
ঐতিহ্যমণ্ডিত কুজি সত্ৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

ডিজিটেল সংবাদ বটদ্ৰৱা: মৰিগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কুজি সত্ৰলৈ আহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ দক্ষিণ দিশত এক নৈসৰ্গিক পৰিবেশত অৱস্থিত সত্ৰখনলৈ পোন প্ৰথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্ৰীৰ আগমনক লৈ সত্ৰখনত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহূৰ্তত আজি সত্ৰ চৌহদত মৰিগাঁও জিলা প্ৰশাসন, সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱে আলোচনাত মিলিত হয়। নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত প্ৰস্তুতি সভাত মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীয়ে মৰিগাঁও জিলাৰ ভিতৰুৱা এখন সত্ৰলৈ অহাৰ বিষয়টোত যথেষ্ট উৎসাহ প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তা, আপ্যায়নৰ বাবে সকলোখিনি কৰা হ'ব বুলি প্ৰকাশ কৰে।

মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতিশ চন্দ্ৰ পেগু, লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচু, মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গায়ত্ৰী পাঠক, মৰিগাঁও জিলাৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জিতু বৰদলৈ, কুজি সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাজু বৰুৱাকে আদি কৰি সত্ৰৰ ভকত বৈষ্ণৱ, আইমাতৃসকল উপস্থিত থকা সভাৰ পাছত তেওলোকে সত্ৰখন পৰিদৰ্শন কৰে।

আনহাতে ইয়াৰ পূৰ্বে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত দাসেও কুজি সত্ৰত উপস্থিত হৈ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীৰ লগত নিৰাপত্তাৰ বিষয়ে আলোচনাত মিলিত হয়। উল্লেখ্য যে, ৮ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুজি সত্ৰত উপস্থিত হৈ নৱনিৰ্মিত শিল্পকলা তথা প্ৰাচীন সম্পদ সংগ্ৰহালয় আৰু অতিথিশালাৰ দ্বাৰ মুকলি কৰিব।

ক্লিক কৰি পঢ়কঃ মন্ত্ৰী অজন্তা নেওগৰ গৃহৰ কাষতে বিস্ফোৰণঃ ছিন্ন ভিন্ন এজনৰ দেহ, কেইবাটাও বাসগৃহৰ ক্ষতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in