ঘটনাৰ সঠিক তদন্তৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ আহ্বান ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুক লৈ অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।

author-image
Asomiya Pratidin
New Update
নম্ৰতা বৰাৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ টুইট

নম্ৰতা বৰাৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ টুইট

ডিজিটেল ডেস্কঃ নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুক লৈ অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা এক উচিত আৰু নিৰপেক্ষ তদন্ত সম্পাদনা কৰিবলৈও জনাই আহ্বান।

Advertisment

সামাজিক মাধ্যম এক্সত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে "যোৱা ৪ জুন, বুধবাৰে পুৱতি নিশা নংপো আৰক্ষী থানাৰ সমীপত সংঘটিত শোকাৱহ ঘটনাটিৰ বিষয়ত দৃষ্টি নিক্ষেপ কৰিবলৈ মই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীকনৰাড চাংমা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এ এছ-০১ ই ভি-৯৫৭৮ পঞ্জীয়ন নম্বৰযুক্ত এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নম্ৰতা বৰা নামৰ এগৰাকী যুৱতীৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়, আনহাতে আন চাৰিজন সহযাত্ৰীয়ে সামান্য আঘাতহে পায়। নংপো আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে। তথাপি শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি মই অনুৰোধ জনাইছোঁ যে ঘটনাৰ সৈতে জড়িত সকলো তথ্য পোহৰলৈ আনিবলৈ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা এক উচিত আৰু নিৰপেক্ষ তদন্ত সম্পাদন কৰা হওঁক।"

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নম্ৰতা বৰা