দিল্লীত বিজেপিৰ জয়ৰ বাবে দিল্লীবাসীক  কৃতজ্ঞতা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ...

বিজেপিৰ তাৰকা প্ৰচাৰক তথা অসমৰ মুখ্যমন্ত্রী ড° শৰ্মাই দিল্লীত বিধান সভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰায় ১০খন নির্বাচনী সভাত অংশ লৈছিল।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা ল দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল । ৭০ আসন বিশিষ্ট দিল্লীৰ বিধানসভা নিৰ্বাচনত ফলাফল মৰ্মে শেষ হাঁহি মাৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে ।

Advertisment

উল্লেখযোগ্য যে, আজি ঘোষিত দিল্লীৰ ফলাফল অনুসৰি বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয় ৪৮ খন আসন । তাৰ পৰিৱৰ্তে পূৰ্বে শাসনত থকা আপে দখল কৰে ২২ খনকৈ আসন । উক্ত নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নহল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ।

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিজেপি কৰ্মীয়ে বহু ঠাইত পালন কৰিছে আৱতৰীয়া দিপাৱলী । সমান্তৰালভাৱে অসমৰ মু্খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰেছ বাৰ্তাযোগে বিজেপিক জয় কৰোৱাৰ বাবে দিল্লীবাসীক ধন্যবাদ জ্ঞাপন কৰে ।

প্ৰেছবাৰ্তাত মুখ্যমন্ত্রী ড° শর্মাই ব্যক্ত কৰে "মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যশস্বী নেতৃত্ব আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ অবিৰত পৰিশ্ৰমৰ ফলস্বৰূপে জনতাৰ এই অপাৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে। মাননীয় মোদী ডাঙৰীয়াৰ মাৰ্গদর্শনেৰে এতিয়া ডাবল ইঞ্জিন চৰকাৰে আমাৰ ৰাষ্ট্ৰৰ ৰাজধানীক বিশ্বৰ আটাইতকৈ উৎকৃষ্ট অন্যতম চহৰ হিচাপে গঢ়ি তুলিব।"

উল্লেখ্য, বিজেপিৰ তাৰকা প্ৰচাৰক তথা অসমৰ মুখ্যমন্ত্রী ড° শৰ্মাই দিল্লীত বিধান সভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰায় ১০খন নির্বাচনী সভাত অংশ লৈছিল। এই সভাসমূহত অৰবিন্দ কেজৰিৱাল, আতিশী মাৰ্লানা তথা ৰাহুল গান্ধীক তীব্র আক্রমণ কৰি দিল্লীবাসীৰ ওচৰত আপক পৰাভূত কৰাৰ লগতে কংগ্ৰেছক নস্যাৎ কৰি বিজেপিক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে আহ্বান জনাইছিল।

ইয়াৰ পূর্বে শনিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পুৱা মুম্বাইত জে এছ ডব্লিউ গ্রুপৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সজ্জান জিন্দলৰ সৈতে এক ফলপ্রসূ বৈঠকত মিলিত হৈ অসমৰ আন্তঃগাঁথনি আৰু শক্তি খণ্ডৰ অংশীদাৰিত্বৰ বিষয়াত বার্তালাপ কৰে। লগতে এটা পষেকৰ পাছতে অনুষ্ঠিতব্য 'এডভান্টেজ আছামাৰ দ্বিতীয় সংস্কৰণলৈ সজ্জন জিন্দালক আমন্ত্রণ জনায়।

মুম্বাইত মুখ্যমন্ত্রী ড° শৰ্মাই ৱেলস্পুন ৱৰ্ল্ডৰ অধ্যক্ষ বি কে গোৱেংকাকো সাক্ষাৎ কৰে। উদ্যোগপতিগৰাকীৰ সৈতে অসমৰে জড়িত বস্ত্রশিল্প, শক্তি, পানী পৰিশোধন আৰু আন্তঃগাঁথনিমূলক বিভিন্ন বিষয়ত এক ফলপ্রসূ আলোচনা কৰে।

পৰৱৰ্তী সময়ত এছাৰ গ্ৰুপৰ উপাধ্যক্ষ ৰবি ৰুইয়াৰ সৈতেও এক বৈঠকত মিলিত হয়। অসমত বৈদ্যুতিক ট্রাক নির্মাণ আৰু নবীকৰণযোগ্য শক্তি খণ্ডৰ প্রকল্পৰ সৈতে এক সম্ভাৱনাময় সহযোগিতাৰ বিষয়ে উক্ত বৈঠকত আলোচনা কৰা হয়। মুখ্যমন্ত্রীয়ে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত তেওঁক আমন্ত্রণ জনায়।

তদুপৰি ড০ শর্মাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু অনন্ত আস্বানীৰ সৈতেও এক বিশেষ সাক্ষাতত মিলিত হয়, 'ত তেওঁলোকে উদ্যোগ ৪.০ ৰ বাবে ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰ হোৱাৰ দিশত অসমৰ সম্ভাৱনাৰ বিষরে আলোচনা কৰে। লগতে এই পৰিৱর্তনশীল যাত্ৰাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সৈতে সম্ভাব্য সহযোগিতাও অন্বেষণ কৰে। মুখ্যমন্ত্রীৰ আমন্ত্রণৰ প্রতি লক্ষ্য ৰাখি মুকেশ আম্বানীয়ে আগন্তুক বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনত গুৱাহাটীলৈ অহাৰ কথাও প্রকাশ কৰে। এই সম্মিলনখন অসম চৰকাৰৰ পৰিকল্পনাসমূহক কার্যৰুপ দিবলৈ এক প্লেটফর্ম হিচাপে কাম কৰিব বুলি মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা