মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চাৰিদিনীয়া ডিব্ৰুগড় ভ্রমণৰ সফল সামৰণি

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ে কেইটামান বিশেষ দিশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে - নিয়মীয়া পর্যালোচনা বৈঠকৰ ফলত কেবিনেটৰ সিদ্ধান্ত, আঁচনি আৰু আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ ৰূপায়ণ ত্বৰান্বিত হৈছে।

author-image
Asomiya Pratidin
New Update
1dibrugarh 1

ডিজিটেল সংবাদ,ডিব্ৰুগড়: চাৰিদিনীয়া ডিব্ৰুগড় ভ্রমণ সামৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ঐতিহাসিক চহৰখনক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷ চৰকাৰ-প্রশাসনক ডিব্ৰুগড় আৰু এই অঞ্চলত বসবাস কৰা লোকসকলৰ ওচৰলৈ আগবঢ়াই নিয়াটোৱে ৰাজ্য চৰকাৰৰ উদ্দেশ্য।

Advertisment

এই উদ্দেশ্য সাধনৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে কেইবাটাও ব্যৱস্থা আৰম্ভ কৰা হৈছে, য'ত মুখ্যমন্ত্ৰীৰ সচিবালয় কাৰ্যকৰী কৰা, অসম বিধান সভা চৌহদত কাম আৰম্ভকৰা আৰু চহৰখনক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাৰ পদক্ষেপ গ্ৰহণ কৰা আদি অন্যতম।

ৌৌ

অসম চৰকাৰে ডিব্ৰুগড়ৰ গৌৰৱময় অতীতক পুনৰুদ্ধাৰ কৰি এই সুন্দৰ চহৰখনক পূব ভাৰতৰ এক প্রধান অর্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্র হিচাপে পুনৰ নিৰ্মাণৰ বাবে এক বিস্তৃত পৰিকল্পনাৰ কাম কৰি আছে। 

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ে কেইটামান বিশেষ দিশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে - নিয়মীয়া পর্যালোচনা বৈঠকৰ ফলত কেবিনেটৰ সিদ্ধান্ত, আঁচনি আৰু আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ ৰূপায়ণ ত্বৰান্বিত হৈছে, যাৰ ফলত আর্থ-সামাজিক উন্নয়নত ইতিবাচক প্রভাৱ পৰা পৰিলক্ষিত হৈছে।

সচিবালয়ে অঞ্চলটিৰ সামাজিক সংগঠনসমূহক চৰকাৰৰ কাষলৈ লৈ অহাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ সময়ছোৱাত ডিব্ৰুগড়, ধেমাজি, ঢকুৱাখনা আৰু ডিমৌ বিধান সভা সমষ্টিত ৩৫০০ কোটি টকাৰ ৫০০ৰো অধিক চলি থকা প্ৰকল্পৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

এই বৈঠকত অঞ্চলটোৰ পথ, উৰণ সেতু, ঘাইপথ, চৰকাৰী ভৱন, মথাউৰি, বিদ্যুৎ কেন্দ্র, চিকিৎসালয়, বিদ্যালয়, ক্রীড়া আৰু সাংস্কৃতিক সুবিধাসমূহৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে। 

এই সমষ্টিসমূহৰ সৈতে জড়িত প্ৰতিটো কেবিনেট ঘোষণাৰ ওপৰত এখন অগ্ৰগতিৰ প্ৰতিবেদন বৈঠকসমূহত মুখ্যমন্ত্ৰীগৰাকীয়ে পর্যালোচনা কৰে। আন্তঃগাঁথনি প্ৰকল্পৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ মূল আঁচনি আৰু মাতৃ স্বাস্থ্য, প্রতিষ্ঠানিক প্ৰসৱ ইত্যাদি জটিল আর্থ-সামাজিক সূচকসমূহৰ ৰূপায়ণো পৰীক্ষা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ুপ

মুখ্যমন্ত্ৰীগৰাকীয়ে সামগ্রিকভাৱে এই অঞ্চলসমূহৰ প্ৰতিটো ঘৰৰ বাবে জীৱন-যাপনৰ সহজতা বৃদ্ধিৰ বাবে ব্যতিক্ৰমী লাভ অৰ্জন কৰা বুলি উল্লেখ কৰি কয় যে এই বিস্তৃত বৈঠকসমূহৰ ফলাফলে প্ৰতিটো পৰিয়ালে ভাল ঘৰ, পথ, বিদ্যুৎ, বিদ্যালয় আৰু স্বাস্থ্যসেৱাৰ বিকল্পৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিব।

ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়িবলৈ আমি এই বৃহত্তৰ অঞ্চলৰ সৰ্বাংগীণ বিকাশ-উন্নয়নত গুৰুত্ব প্ৰদান কৰিছোঁ তেওঁ লগতে কয়, 'বিশেষভাৱে ডিব্ৰুগড়ৰ বাবে মই নগৰীয়া বানপানীৰ সমস্যা দূৰ কৰাৰ বাবে এখন বিস্তৃত বৈঠকৰ অধ্যক্ষতাও কৰিছিলোঁ। মই জনাবলৈ পাই সুখী হৈছোঁ যে আমি বৰ্তমানৰ নলাবোৰ ডিচিলটিং, নতুন নলা নির্মাণ আৰু ডিৱাটাৰিং পাম্প আৰু মিনি ছুপাৰ চকাৰ ক্ৰয়ৰ ক্ষেত্ৰত উৎকৃষ্ট অগ্রগতি লাভ কৰিছো।

ডিব্ৰুগড় ভ্রমণৰ সময়ছোৱাত খনিকৰ ষ্টেডিয়ামো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, য'ত আসনৰ ক্ষমতা ৫০০% বৃদ্ধি কৰাৰ চেষ্টা কৰি আছে। লগতে ডিব্ৰুগড়ত আহিবলগীয়া অসম বিধান সভাৰ কমপ্লেক্স আৰু বিধায়ক আৱাসৰ প্ৰস্তাৱিত স্থানো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ২০২৭ চনৰ ভিতৰত এই কমপ্লেক্সটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে ৷

 ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণৰ সময়তে বি চি পি এলো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ডিব্ৰুগড়ত কেবিনেট সতীৰ্থসকলৰ সৈতে এখন গুৰুত্বপূর্ণ কেবিনেট বৈঠকতো অংশগ্রহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। য'ত কিছুমান উল্লেখনীয় সিদ্ধান্ত গ্রহণ কৰে অসম কেবিনেটে।

 যেনে ডিব্ৰুগড়, শিলচৰ আৰু গুৱাহাটী পৌৰ এলেকাত বাণিজ্যিক প্রতিষ্ঠানসমূহ ২৪ ঘণ্টাই খোলা থাকিবলৈ দিয়া আৰু চাহ বাগিচা আৰু মৰাণ সমাজৰ বাবে কেইবাটাও কল্যাণমূলক ব্যৱস্থাৰ লগতে অন্যান্য গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

 নৱ ৱ

 চুবুৰীয়া অৰুণাচল প্ৰদেশত বাস কৰা কিন্তু অসমত স্থায়ী বাসস্থান বা পূৰ্বপুৰুষৰে সম্পৰ্ক থকা মৰাণ সম্প্ৰদায়ৰ লোকসকলক শৈক্ষিক উদ্দেশ্যত পি আৰ চি প্রদানত কেবিনেটে অনুমোন জনায়। মুখ্যমন্ত্ৰী গৰাকীয়ে ২৯ টা ইফাইল নিষ্পত্তি কৰাৰ লগতে ১৮টা বিধানসভাৰ প্ৰশ্ন অনুমা্ন কৰে।

 ১০৬ খন ইউ.অ' পত্ৰত স্বাক্ষৰ আৰু অনুমোদন জনায় হিমন্ত বিশ্ব শৰ্মাই। তেওঁ প্রধানমন্ত্রী, কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী আৰু ভাৰত চৰকাৰৰ সাৰ বিভাগৰ সচিবলৈ অঞ্চলটোৰ উন্নয়ন সম্পর্কীয় কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ৩খন ডি.অ' পত্ৰত স্বাক্ষৰ কৰে। সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক ছাত্র সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী।

বৈঠকত জনগোষ্ঠীটোৰ জনজাতিকৰণ, অৰুণাচলত থকা মটক জনগোষ্ঠীয় লোকসকলক অসম চৰকাৰৰ পি আৰ চি প্রদান, 'গছতলৰ বিহু'ৰ প্ৰচাৰ, মটক ৰজাদিনীয়া সম্পদৰ সংৰক্ষণ, কীৰ্তিচিহ্নসমূহ বেদখলমুক্তকৰণ, গুৱাহাটীত মটক ভৱন নির্মাণ, মটক স্বায়ত্তশাসিত পৰিষদত মহিলাৰ সংৰক্ষিত আসন বৃদ্ধিকে ধৰি গুৰুত্বপূর্ণ বিষয়সমূহ আলোচনা কৰা হয় ৷ 

ডিব্ৰুগড়ৰ জনসাধাৰণ, নাগৰিক সমাজ আৰু সামূহিক সংগঠনৰ সদস্যসকলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে অন্তৰংগ সাক্ষাতত মিলিত হয়৷ অসম চৰকাৰে আগবঢ়োৱা সেৱা সম্পৰ্কত তেওঁলোকৰ মতামত বুজিবলৈ চেষ্টা কৰে।

তেওঁলোকৰ পৰামৰ্শ, সমস্যাসমূহো মনপুতি শুনি যথাসাধ্য সকলো সমাধানৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্রী গৰাকীয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তিনিচুকীয়া, ডিব্ৰুগড় আদি অঞ্চলৰ দলীয় কার্যকর্তাসকলকো লগ কৰি অঞ্চলটোৰ সাংগঠনিক বিষয়সমূহৰ বুজ লয়।

 

 

ড০ হিমন্ত বিশ্ব শৰ্মা