/asomiyapratidin/media/media_files/2025/07/23/hbs-reaction-23-2025-07-23-19-38-14.jpg)
ডিজিটেল ডেস্কঃ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ আত্মহনন, মাৰণাস্ত্ৰ প্ৰদান আৰু আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিক কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত থকা বিতৰ্ক, প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াৰ মাজতে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আটাইকেইটা বিষয়ত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ডিব্ৰুগড়স্থিত অসম চৰকাৰৰ সচিবালয়ত অনুষ্ঠিত হোৱা আজিৰ কেবিনেট বৈঠকৰ অন্তত হোৱা সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তিনিওটা বিষয়তে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
বঙাইগাঁৱত ভাড়াঘৰত নিজৰ জীৱন শেষ কৰা লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ আত্মহত্যাৰ আঁৰৰ বৰ্ষণগাওঁ ষ্টেডিয়ামৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘’আমি তদন্ত কৰি আছো আৰু ঘটনাটো চাব খুজিছো কি হৈছিল।
ঘটনাৰ তদন্তৰ বাবে সেই স্থান পৰ্যবেক্ষণ কৰিবলৈ এটা অভিযন্তাৰ দল প্ৰেৰণ কৰাৰ কথাও মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিছে। তেওঁ কয়, ‘’আমি বিল্ডিংটো চাব পঠিয়াইছো ইঞ্জিনীয়াৰক আচলতে কাম কৰিছিল নে নাই। কাৰণ বিল্ডিংটো দেখি থকা বিল্ডিং। তাত কাম কৰাৰ বিল আছিল নে কাম নকৰাৰ বিল আছিল সেয়াও চাব। বিল্ডিংটোৰ যিমান কাম হৈছে সিমানেই পইচা পাব। বিল্ডিংটোৰ পৰ্যবেক্ষণ কৰিলেই আমি প্ৰমাণ কৰিব পাৰিম। বাকী ইঞ্জিনীয়াৰ আৰু এছ ডি অ’জনক এৰেষ্ট কৰিছে।‘’
ইফালে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰ প্ৰদান কৰাৰ বাবে অসম চৰকাৰে মুকলি কৰিবলগীয়া পৰ্টেলটোৰ বিষয়ত তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁ কয়, এই পৰ্টেলটো অহা ১ বা ৭ আগষ্ট তাৰিখৰ ভিতৰত তেওঁৰ সময় চাই উদ্বোধন কৰিব। তেতিয়া মাৰণাস্ত্ৰৰ বাবে আবেদন কৰিব পাৰিব।
তেওঁ কয়, যাক মাৰণাস্ত্ৰৰ প্ৰয়োজন তেওঁ আবেদন কৰিব পাৰিব। জিলা আয়ুক্তই বিষয়টো তদন্ত কৰি অনুজ্ঞাপত্ৰ দিয়া নিদিয়াৰ সিদ্ধান্ত ল’ব। তাৰোপৰি তেওঁ কয়, এই প’ৰ্টেলটো নাথাকিলেও আজিও গৈ প্ৰয়োজনত কাগজেৰে আবেদন কৰিব পাৰে। আবেদন কৰাত একো বাধা নাই।‘’
ড০ শৰ্মাই এই সন্দৰ্ভত আৰু কয়, আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম। আজিও বহুতে আবেদন কৰি মাৰণাস্ত্ৰ লৈয়ে আছে। মাৰণাস্ত্ৰৰ আবেদন কৰা কোনো নতুন কথা নহয়। অসমৰ বহুতৰ হাতত আছেই। এতিয়া যিসকল নিৰাপত্তাহীনতাত ভূগিছে তেওঁলোকে আবেদন কৰিলে তদন্ত কৰি অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰাৰ কথা তেওঁ উল্লেখ কৰে।
ইফালে ৰাজ্যত আদৰ্শ মহাবিদ্যালয়ত মাহে একলাখ টকা দৰমহাৰে অৱসৰপ্ৰাপ্ত অধ্যাপকক নিযুক্তিক লৈ বিতৰ্ক অব্যাহত আছে আৰু ইয়াৰ প্ৰতিবাদো হৈছে। এই সন্দৰ্ভত আজি সাংবাদিকে কৰা প্ৰশ্নত তেওঁ কয় যে, এই সিদ্ধান্তক তেওঁ ১০১ শতাংশ সমৰ্থন কৰে।
ড০ শৰ্মাই কয় যে, এই সিদ্ধান্তক তেওঁ সমৰ্থন কৰে। সেয়ে তেওঁক এই বিষয়ত হেঁচা দি লাভ নাই। তেওঁ এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে বুলি উল্লেখ কৰি কয় যে, এই সিদ্ধান্ত ১০০ শতাংশই নহয়, ১০১ শতাংশ বাহাল থাকিব।
তেওঁ কয়,কাৰণ কোনোবাই যদি অভিজ্ঞতাক নস্যাত কৰে তেন্তে এই পৃথিৱী নচলে। অভিজ্ঞতা লাগিবই। কোনো এটা অনুষ্ঠান অভিজ্ঞতা অবিহনে চলিব নোৱাৰে। ঘৰখনো দেউতা নহ’লে চলিব নোৱাৰে।