পুৰুষেও লাভ কৰিব অৰুণোদয় ২.০ আঁচনিৰ ধন ! চাওঁক কি কি নতুন নিয়ম এই আঁচনিৰ...

পুৰুষেও লাভ কৰিব অৰুণোদয় ২.০ আঁচনিৰ ধন ! চাওঁক কি কি নতুন নিয়ম এই আঁচনিৰ...

author-image
Asomiya Pratidin
New Update
পুৰুষেও লাভ কৰিব অৰুণোদয় ২.০ আঁচনিৰ ধন ! চাওঁক কি কি নতুন নিয়ম এই আঁচনিৰ...

পুৰুষেও লাভ কৰিব অৰুণোদয় ২.০ আঁচনিৰ ধন ! চাওঁক কি কি নতুন নিয়ম এই আঁচনিৰ...

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা অকল মহিলা নহয় পুৰুষেও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আজি অৰুণোদয় ২.০ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ সুবিধা কোনসকল লোকে লাভ কৰিব সেই বিষয়ে প্ৰকাশ কৰিছে।

Advertisment

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি বছৰি ২ লাখতকৈ কম আয়ৰ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা। পূৰ্বে দুচকীয়া বাহন আৰু ৰেফ্ৰিজেৰেটৰ থকা পৰিয়ালে এই আঁচনিৰ ধন লাভ কৰা নাছিল। কিন্তু এইবাৰ আঁচনিৰ এই নিয়মত সালসলনি কৰা হৈছে।

সেই অনুসৰি এতিয়াৰে পৰা দুচকীয়া বাহন আৰু ৰেফ্ৰিজেৰেটৰ থকা পৰিয়ালেও লাভ কৰিব অৰুণোদয় ২.০ আঁচনি। আনহাতে গ্ৰামাঞ্চলত ট্ৰেক্টৰ থকা পৰিয়ালৰ সদস্যই লাভ নকৰিব এই আঁচনিৰ সুবিধা।

গুৱাহাটীত ডেৰ কঠা আৰু গাঁৱত ১৫ কঠা মাটি থকা সকলেও লাভ কৰিব অৰুণোদয় ২.০ আঁচনিৰ ধন। আনহাতে সৰু চহৰত ৩ কঠা মাটি থকা পৰিয়ালে লাভ নকৰিব এই আঁচনি।

পূৰ্বে অৰুণোদয় আছিল কেৱল মহিলাসকলৰ বাবে। এইবাৰ অৰুণোদয় ২.০ আঁচনিৰ জৰিয়তে পুৰুষেও ধন লাভ কৰিব। সেই অনুসৰি কুষ্ঠৰোগ, হিম'ফেলিয়া, থেলাছেমিয়া, অ'তিজিম আদি ৰোগত আক্ৰান্ত পৰিয়ালেও এই সুবিধা লাভ কৰিব।

দিব্যাংগ, বৃদ্ধাশ্ৰমত থকা লোকেও লাভ কৰিব ইয়াৰ সুবিধা। উল্লেখ্য যে অৰুণোদয় ২.০ আঁচনিত নতুনকৈ ১০.৫০ লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছে।

ক্লিক কৰি পঢ়কঃ ৰুৰবান আঁচনিৰ অধীনত ছাগলী বিতৰণঃ পশুখাদ্য নিদিয়াত অসন্তুষ্টি...

আৰুণোদয় ২.০