/asomiyapratidin/media/media_files/2025/08/04/hbs-2025-08-04-18-49-06.jpg)
ডিজিটেল ডেস্কঃ বিটিআৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ। ওদালগুৰি, তামুলপুৰৰ পিছতে সোমবাৰে বাক্সাত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। বাক্সা জিলা বিজেপিৰ উদ্যোগত অদালবাৰীত অনুষ্ঠিত মুছলপুৰ পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশ লয় হিমন্ত বিশ্ব শৰ্মাই। বাক্সা বিজেপিৰ সভাপতি দীনেশ বসুৱে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা সভাখনত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আদৰণী ভাষণ প্ৰদান কৰে ।
ইফালে, সভাৰ পাছতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে, বিটিআৰৰ সকলোৱে সকলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবিছিল। এই মানসিকতাৰ পৰিবৰ্তন কৰিবলৈ আমি বিটিআৰৰ মানুহক প্ৰথম শ্ৰেণীৰ নাগৰিক কৰিব বিচাৰো বুলিও উল্লেখ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে বিপিএফ বা ইউপিপিএলে নিজে নিজে কাম চলাই আছে । বিপিএফৰ দিনতো ৰাস্তা-ঘাটৰ উন্নয়ন হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। লগতে কাৰো সৈতে হিংসা নকৰাকৈ বিটিআৰত বিজেপিৰ চৰকাৰ কৰিবলৈ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।