/asomiyapratidin/media/media_files/2025/07/21/gorukhuti-2025-07-21-17-47-51.jpeg)
ডিজিটেল ডেস্কঃ ‘‘গৰুখুঁটি লাভ-লোকচানৰ প্ৰকল্প নহয়, ৮ হাজাৰ বিঘা মাটি বাংলাদেশীৰ পৰা মুক্ত কৰিছো তাতকৈ আমাক কি লাগে?’’ আজি গৰুখুঁটি কৃষি প্ৰকল্পত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
দৰং জিলাৰ গৰুখুঁটি প্ৰকল্পৰ গীৰ গাইক কেন্দ্ৰ কৰি শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছত আজি গৰুখুঁটি প্ৰকল্পত উপস্থিত হয়গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ড০ শৰ্মাই গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পত আজি শুভ উদ্বোধন কৰে প্ৰকল্পৰ মাজেদি নিৰ্মাণ কৰি তোলা দলংখন।
নৱ নিৰ্মিত এই দলংখনৰ জৰিয়তে প্ৰকল্পস্থলীত যাতায়তৰ সুবিধা হোৱাৰ লগতে ধলপুৰ মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰো সুবিধা হ’ব বুলি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে উল্লেখ কৰিছে। চতিয়া সমষ্টিৰ বিধায়ক তথা গৰুখুঁটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, অসম মীন উদ্যোগ লিমিটেডৰ সভাপতি গুৰুজ্যোতি দাস, দৰং জিলাৰ আয়ুক্ত, একাধিক শীৰ্ষ বিষয়াকে ধৰি একাধিক বিজেপি নেতাৰ উপস্থিতিত এই দলংখন উদ্বোধন কৰে।
কিদৰে হৈছিল গৰুখুঁটিৰ উচ্ছেদৰ পৰিকল্পনা
গৰুখুঁটি প্ৰকল্পৰ উচ্ছেদৰ প্ৰাৰম্ভিক অৱস্থাৰ কথা সোঁৱৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয়, অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত ছিপাঝাৰ, মঙলদৈলৈ আহোঁতে সাংবাদিকসকলে ঢলপুৰ শিৱমন্দিৰৰ বিষয়ে প্ৰশ্ন কৰিছিল। উভতি গৈ শিৱমন্দিৰটোৰ অতীত আৰু ইয়াৰ বৰ্তমানৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰিছিলো। সকলোৰে লগত আলোচনা কৰি আমি ধাৰণা কৰিবলৈ পাৰিছিলো শিৱ মন্দিৰ সংকটত আছে।
মোৰ মনত আছে শিৱ মন্দিৰলৈ মই দৰ্শনৰ বাবে আহিছিলো আৰু আহি সামগ্ৰিক পৰিবেশ প্ৰত্যক্ষ কৰিছিলো। ইয়াৰ ইতিহাসৰ বিষয়েও মন্দিৰ কমিটী আৰু ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিছিলো। শিৱ মন্দিৰ ভ্ৰমণ কৰাৰ পিছত সিদ্ধান্ত লৈছিলো আমি যদি এই মন্দিৰটো বেদখলৰ পৰা ৰক্ষা কৰিব পাৰো নিশ্চয় আমাৰ জাতিটোৰ বাবে এটা উচ্চ বা ভাল কাম কৰিব পৰা যাব।
মোৰ মনত আছে ৭ জুন ২০২১ চনত মুখ্যমন্ত্ৰী হৈ প্ৰথমবাৰলৈ গৰুখুঁটিলৈ আহিছিলো। মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো ১০ মে’ ২০২১ চনত। মুখ্যমন্ত্ৰী হোৱাৰ পিছত এমাহৰ ভিতৰতে মই গৰুখুঁটিলৈ আহিছিলো আৰু আমি তাৰ পিছতেই কেবিনেটত সিদ্ধান্ত লৈছিলো এই মাটি আমি বেদখলৰ কৱলৰ পৰা মুক্ত কৰিম।
পদ্ম হাজৰিকা ডাঙৰীয়াই আমাক এটা ভিডিঅ’ দেখাইছিল কিধৰণে ক’ত, কিমান মাটি দখল কৰা হৈছে আৰু সেই ভিডিঅ’ চোৱাৰ পিছতেই আমি লগে লগেই সিদ্ধান্ত লৈছিলো যে আমি গৰুখুঁটিৰ মাটিত বেদখলকাৰীক উচ্ছেদ কৰিম আৰু ইয়াত এখন কৃষি পাম নিৰ্মাণ কৰিম।
গৰুখুঁটিৰ কাহিনী ২০২১ ৰ নহয়, ১৯৮৩ ৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, গৰুখুঁটিৰ কাহিনী ২০২১ চনৰ নহয়। গৰুখুঁটিৰ কাহিনী ১৯৮৩ চনৰ। ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে, ছিপাঝাৰ আৰু মঙলদৈৰ যুৱ শক্তিয়ে গৰুখুঁটিখনক ৰক্ষা কৰাৰ সাহস প্ৰয়াস কৰিছিল। সেই সাহসী প্ৰয়াসত ২৩ জনকৈ তেজাল যুৱক আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। সন্দেহযুক্ত বাংলাদেশীৰ হাতত তেওঁলোকে মৃত্যুক সাৱটি লৈছিল।
গৰুখুঁটি প্ৰকল্পই সাহাস দিছে, ১ লাখ ২৯ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, গৰুখুঁটিৰ সফল উচ্ছেদে আমাক সাহসী কৰিছিল। আৰু এটা এটাকৈ আৰু অধিক সাহসী পদক্ষেপ ল’বলৈ নিজকে প্ৰস্তুত কৰিছিলো। গৰুখুঁটিৰ পিছতে বৰচলা, লামডিং, বুঢ়াপাহাৰ, পভা, বটদ্ৰৱা, চাপৰ, পাইকানত উচ্ছেদত সফল হৈছো।
চাওঁতে চাওঁতে ১ লাখ ২৯ বিঘা মাটি সন্দেহযুক্ত ব্যক্তিৰ দখলকাৰীৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছো। এই উচ্ছেদিত ভূমি জাতীয় জীৱনৰ কামত পুনৰ এবাৰ সমৰ্পণ কৰিছিলো।
ওৰাঙৰ উচ্ছেদিত ভূমিত এশিঙীয়া গঁড়, বাঘলৈ সুন্দৰ বসতি নিৰ্মাণ হৈছে, বৰচলাত ছ’লাৰ প্ৰজেক্ট নিৰ্মাণ হৈছে, লামডিঙলৈ হাতী উভতি আহিছে, হাতী-মানুহৰ সংঘাত নোহোৱা হৈছে, বুঢ়া পাহাৰৰ উচ্ছেদে গঁড় আৰু বাঘক জীয়াই থাকিবলৈ নতুন ভূমিৰ সন্ধান দিছে।
এসয়ত শাল আৰু চেগুনেৰে পূৰ্ণ হৈ থকা পাইকান আকৌ নিশ্চিতভাৱে সেউজীয়া হ’বলৈ আৰম্ভ কৰিব। গৰুখুঁটিয়ে অসমৰ যুৱক-যুৱতীৰ আত্ম নিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰিছে। যোৱা চাৰিটা বছৰে গৰুখুঁটিৰে আৰম্ভ কৰা যাত্ৰাক এক সংকল্প হিচাপে গ্ৰহণ কৰি অসমৰ প্ৰতি বিন্দু মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ, সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিবলৈ আমি নিজকে সমৰ্পণ কৰিছো।
অসমৰ ২৯ লাখ বিঘা ভূমি আছে বেদখলকাৰীৰ কৱলত
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, অসমত ২৯ লাখ বিঘা মাটি আজি বেদখলকাৰীসকলে, অবৈধ বাংলাদেশীসকলে, সন্দেহযুক্ত বাংলাদেশীসকলে নিজৰ দখলত ৰাখিছে। আমি আজি অকনমান মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিব পাৰিছো। আমাৰ ৰাষ্টা আৰু আমাৰ লক্ষ্য এতিয়াও বহু দূৰত।
মই নিশ্চিতভাৱে ক’ব পাৰো অসম আন্দোলনৰ ছহিদসকলৰ যি কাম আধৰুৱা হৈ আছিল, অসমৰ হতাশা আৰু পৰাজয়ক আৱশ্যম্ভাম্বি বুলি ভাবি লৈছিল, সেই জাতিলৈ নতুন প্ৰাণ, নতুন জীৱন উভতাই আনিছো। আজিৰ দিনটোত আমি সংকল্প লৈছো প্ৰতি টুকুৰা অসমীয়াৰ মাটি সন্দেহযুক্ত বাংলাদেশীৰ পৰা উদ্ধাৰ কৰিম এখন স্বাভিমানেৰে পৰিপূৰ্ণ অসম গঢ়িম।
কোনোবাই যদি ভাবিছে এটা, দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম, কাৰোবাৰ ওচৰত শিৰনত কৰিম তেন্তে তেওঁলোকক গৰুখুঁটিৰ পবিত্ৰ ভূমিৰ পৰাই তেওঁলোকক শুনাব খুজিছো অসম আন্দোলনৰ ৯০০ গৰাকী ছহিদৰ মৃত্যুৰ হিচাপ নোহোৱালৈকে আমি ক্ষান্ত নহওঁ।
অসমীয়া জাতি কেতিয়াও পৰাজিত হ’ব নোৱাৰে। লাচিতে আমাক শিকাইছিল আমি কেনেকৈ আমি অজেয়, পৃথুৱে আমাক শিকাইছিল কেনেকৈ আমি দুৰ্দান্ত আৰু অসমৰ আন্দোলনৰ ছহিদসকলে শিকাইছিল আমি কিমান সাহসী। অসমীয়া এক দুৰ্জেয় জাতি, অপৰাজেয় জাতি। অসমীয়াই কেতিয়াও কাৰো বশ্যতা স্বীকাৰ কৰা নাছিল, ভৱিষ্যতেও নকৰে ’’
গৰুখুঁটি লাভ-লোকচানৰ প্ৰকল্প নহয়
তেওঁ কয়, ‘‘গৰুখুঁটিত লাভ-লোকচানৰ প্ৰকল্প নহয়। ৮ হাজাৰ বিঘা মাটি বাংলাদেশীৰ পৰা মুক্ত কৰিছো তাতকৈ আৰু লাভৰ হিচাপ আৰু একোৱেই হ’ব নোৱাৰে। আমি ব্যৱসায়ী নহয়, আমি ইয়াত লাভ আৰু লোকচানৰ অংক কৰিবলৈ অহা নাই।
আমি প্ৰমাণ কৰিব বিচাৰিছো অসমীয়া যুৱকেও খেতি কৰিব পাৰে।আমি প্ৰমাণ কৰিব বিচাৰিছো লাচিতৰ তেজ, চিলাৰায়ৰ তেজ আমাৰ বুকুত প্ৰবাহিত হৈ আছে।
গৰুখুঁটিৰ প্ৰকল্পৰ সন্দৰ্ভত তেওঁ আৰু কয়, অসমীয়া জাতি এভাৰেষ্টত আৰোহণ কৰিব। আমাৰ মাজত এচামে ১৯৮৩ চনতো পৰাজয় স্বীকাৰ কৰিছিল। ৮৩ ৰ পৰা ৮৫ ৰ সময়তো তেওঁলোকে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
অসমৰ ৰাজনৈতিক ধাৰা পৰিবৰ্তন হৈছিল। ক’ৰবাত ক’ৰবাত মানি লৈছিলো আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিবৰ্তে আমি শংকৰ আৰু আজানৰ কথা কবলৈ আৰম্ভ কৰিছিলো। গুৰুজনা দুজন আছিল শংকৰ আৰু মাধৱ। কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিল। আজানপীৰ আজানপীৰৰ ঠাইত থাকিব, শংকৰ আৰু মাধৱ শংকৰ আৰু মাধৱৰ ঠাইত থাকিব।
গৰুখুঁটিৰ ওপৰত বাতৰি লিখিলে হিমন্ত বিশ্ব শৰ্মাই আত্মসমৰ্পণ নকৰে
গৰুখুঁটিৰ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্ক আৰু এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ বিষয়টোৰ সন্দৰ্ভতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কয়, কোনোবাই যদি ভাবিছে দুই, এটা গুৰুখুঁটিৰ ওপৰত বাতৰি লিখিলে হিমন্ত বিশ্ব শৰ্মাই ক’ৰবাত আত্মসমৰ্পণ কৰিব সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব। শৰীৰৰ এক বিন্দু তেজ থকালৈ আমি যুজিম। কোনেও আমাৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব নোৱাৰে।
প্ৰণাম আৰু শ্ৰদ্ধাৰে কৈছো, ‘প্ৰতিদিন’ক মই বাদ দিছো এতিয়া আমাৰ সন্মুখত যদি হিমালয়ো থিয় হয় আমি ভেদ কৰি যাম এয়া নিশ্চিত। য’তেই আমি কৈছো এই মাটি অসমীয়াৰ তেওঁলোকে আজিকালি নিজেই আঁতৰি যোৱাৰ পৰম্পৰা আৰম্ভ কৰিছো।
কাৰণ অসমীয়া জাতিয়ে এতিয়া অশ্বমেধৰ ঘোঁৰাত উঠিছে। আমি আমাৰ ৰাজ্যখনক সুৰক্ষিত কৰিম, এই বাৰ্তা তেওঁলোকে এতিয়া পাইছে। গৰুখুঁটি প্ৰকল্প, জাতিটোৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ’ব। কিন্তু লাভ আৰু লোকচানৰ হিচাপে কাকো উচ্ছেদৰ পৰা বচাব নোৱাৰে। ক’ত উচ্ছেদ কৰিব লাগে তাত নিশ্চিতভাৱে উচ্ছেদ হ’ব।
কোনোবাই লিখাৰ কাৰণে, কোনোবাই কোৱাৰ কাৰণে, কোনোবাই দুটা নিউজ কৰাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা, পদ্ম হাজৰিকা থমকি ৰয় তেন্তে কেতিয়াও আমি নেতা হ’ব নোৱাৰো। জাতিটোৰ নেতৃত্ব ল’ব নোৱাৰো।
২১ জুলাই হ’ব আত্ম নিৰ্ভৰশীলতাৰ দিন
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণত ২১ জুলাইৰ দিনটোক এক আত্মনিৰ্ভৰশীলতাৰ দিন বুলিও উল্লেখ কৰে। গৰুখুঁটি প্ৰকল্প কাৰো দয়া আৰু ক্ষমাৰ ওপৰত নিৰ্ভৰশীল প্ৰকল্প নহয়। ই অসমীয়া যুৱক-যুৱতীৰ সৱল বাহু আৰু কপালৰ ঘাম মাটিত পেলাই নিৰ্মাণ কৰা প্ৰকল্প।
ইয়াত কাৰো অনুগ্ৰহ নাই। ইয়াত আমাৰ কষ্ট আছে, কপালৰ ঘাম আছে। অসমীয়া যুৱকৰ মাজত যদি হতাশা আহিছে গৰুখুঁটি প্ৰকল্প মমৰ পোহৰ হব, আৰু এদিন এই গৰুখুঁটি প্ৰকল্প সুৰুজৰ পোহৰ হ’ব।