বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰিবলৈ বৰাকবাসীক অনুৰোধ মুখ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰ উপত্যকাত বংগ সাহিত্য সভা অনুষ্ঠিত কৰাৰ দৰে বৰাক উপত্যকাতো অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ'লে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত সম্পৰ্ক নিবিড় হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
বৰাকবাসীলৈ মুখ্যমন্ত্ৰীৰ অনুৰোধ

বৰাকবাসীলৈ মুখ্যমন্ত্ৰীৰ অনুৰোধ

ডিজিটেল সংবাদ, শিলচৰ: বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে বৰাকবাসীক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে শিলচৰৰ দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী বৰ্ষ উদযাপনৰ মুকলি সভাত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এই অনুৰোধ জনায় বৰাকবাসীক। ব্ৰহ্মপুত্ৰ উপত্যকাত বংগ সাহিত্য সভা অনুষ্ঠিত কৰাৰ দৰে বৰাক উপত্যকাতো অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ'লে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত সম্পৰ্ক নিবিড় হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে বঙালী আৰু অসমীয়া ভাষা পৰস্পৰে পৰস্পৰক আগুৱাই নিয়াৰ পথ প্ৰশস্ত হ'ব বুলিও মত প্ৰকাশ কৰে  ড' হিমন্ত বিশ্ব শৰ্মাই। ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইতিহাস দাঙি ধৰি বিদ্যালয়খন নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ ভুমিকা লোৱা অসম সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰে।

Advertisment

সোনালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে বৰাকৰ একমাত্ৰ অসমীয়া মাধ্যমৰ  উচ্চতৰ মাধ্যমিক বিদ্যালয় দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ আৰু ছাত্ৰী হোষ্টেল খোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল খুলিলে বৰাকৰ তিনিও খন জিলাৰ অসমীয়া ছাত্ৰ-ছাত্ৰীসকলে মাতৃভাষাত অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। হোষ্টেলত থাকি অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী সকলক বিশেষ স্কলাৰশ্বিপ দিয়া হ'ব বুলিও ঘোষনা মুখ্যমন্ত্ৰীৰ। ৫০ বছৰ সম্পূৰ্ণ কৰা বিদ্যালয়ৰখনৰ অভাৱ অভিযোগসমূহ উপায়ুক্তৰ জৰিয়তে চৰকাৰক দাখিল কৰিবলৈও মুখ্যমন্ত্ৰীয়ে অধ্যক্ষ গৰাকীক আহ্বান জনায়। ৫০ বছৰ উপলক্ষে প্ৰস্তুত কৰা বিদ্যালয়ৰ স্মৰণিকা এখনৰো উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত বৰাকৰ আটাইকেইখন অসমীয়া গাঁৱৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰাই, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, শিলচৰ আৰু উদাৰবন্দৰ বিধায়ক ক্ৰমে দিপায়ন চক্ৰবৰ্তী আৰু মিহিৰ কান্তি সোমসহ কেইবাগৰাকী বিজেপি নেতা আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইফালে শিলচৰত অৱস্থিত বৰাকৰ একমাত্ৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে কমি অহাত সম্প্ৰতি বন্ধ হৈ যোৱাৰ আশংকাই দেখা দিছে। ৫০বছৰ পাৰ কৰি এইবাৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন কৰা বিদ্যালয়ৰ খনত বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা মাত্ৰ ১২০ গৰাকী। য'তে ত'তে ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ ফলত তৰুণ ৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা দ্ৰুত হাৰত হ্ৰাস পাইছে বুলি ক্ষোভ প্ৰকাশ কৰিছে বিদ্যালয়ৰ অধ্যক্ষা সুপৰ্ণা সিনহাই। আনহাতে, ১০ ৰ পৰা ২৫ কিমি দুৰৰ অসমীয়া গাওঁসমুহৰ পৰা আহিব লগা হোৱাৰ বাবে বহু ছাত্ৰ ছাত্ৰী আধাতে শিক্ষা শেষ কৰিছে। ফলত গাঁৱে গাঁৱে গৈ ছাত্ৰছাত্ৰী বিচাৰি হাবাথুৰি খাব লগা হৈছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল।  অতি দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীসকলে গাড়ী ভাড়াৰ অভাৱত আধাতে শিক্ষা শেষ কৰিবলগীয়া হৈছে। এই দুখীয়া ছাত্ৰ ছাত্ৰী সকলক স্কুললৈ পঠিয়াবলৈ  বাছৰ ব্যৱস্থা কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰী সকলক আহ্বান জনাইছে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলে।

cm CM OF ASSAM Silchar asom sahitya sabha cm himanta biswa sarma