/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/63ed532a-8a62-4781-ac4c-2db631fea22c/WhatsApp_Image_2022_09_23_at_02_52_14.jpeg)
HIMANTA BISWA SARMA
ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰি বিচাৰি থকা শিক্ষিত নিবনুৱাসকলৰ বাবে আহিছে এক সুখবৰ। শীঘ্ৰেই ১০ হাজাৰ চৰকাৰী চাকৰিত নিযুক্তিৰ ব্যৱস্থা কৰিব অসম চৰকাৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে খানাপাৰাত ১১ হাজাৰ ২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰি আগবঢ়োৱা ভাষণত এই বিষয়ে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই অচিৰেই এই ১০ হাজাৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কথাও ঘোষণা কৰিছে।
নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ২ লাখ যুৱক-যুৱতীক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। অক্টোবৰৰ ৮ তাৰিখে এই বিষয়ে আলোচনা হ'ব বুলিও তেওঁ মন্তব্য কৰিছে।
ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত হিমালয় সন্মুখত থিয় হ'লেও এই লক্ষ্যত উপনীত হোৱাত বাধা দিব নোৱাৰে বুলি উল্লেখ কৰি নিযুক্তিৰ অশ্বমেধ যাত্ৰা অব্যাহত থাকিব বুলি মন্তব্য কৰিছে।