নুমলীগড় শোধনাগাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা: নৱনিৰ্মিত টাউনশ্বীপৰ উদ্বোধন, ইথানল প্ৰকল্প পৰিদৰ্শন

অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা দেশৰ ভিতৰতে প্ৰথমটো প্ৰকল্প  নুমলীগড়ত শুভ উদ্বোধন কৰাৰ সম্ভাৱনা আছে।

author-image
Asomiya Pratidin
New Update
নুমলীগড় শোধনাগাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা: নৱনিৰ্মিত টাউনশ্বীপৰ উদ্বোধন, ইথানল প্ৰকল্প পৰিদৰ্শন

ডিজিটেল বিশেষ সংবাদ বোকাখাতঃ সোমবাৰে গোলাঘাট,  দেৰগাঁৱৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় নুমলীগড় শোধনাগাৰত। অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা দেশৰ ভিতৰতে প্ৰথমটো প্ৰকল্প  নুমলীগড়ত শুভ উদ্বোধন কৰাৰ সম্ভাৱনা আছে।

Advertisment

প্ৰধানমন্ত্ৰীগৰাকীৰ উক্ত অসম ভ্ৰমণ সফল কৰি তোলাৰ উদ্দেশ্য সোমবাৰে নুমলীগড়ত  মন্ত্ৰী,  সাংসদ,  বিধায়ক আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বিশেষ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নুমলীগড় শোধনাগাৰত উপস্থিত হৈ নুমলীগড় শোধনাগাৰত কৰ্মৰত আবাসীসকলৰ বাবে ধনশিৰী নগৰ নামৰ নৱনিৰ্মিত টাউনশ্বীপৰ উদ্বোধন কৰাৰ লগতে এডভাণ্টেজ আছাম ২.০ৰ সময়ত আগ্রহ প্রকাশ কৰা ন ন স্থানত স্থাপন কৰিবলগীয়া প্ৰকল্পসমূহৰ সন্দৰ্ভত শোধনাগাৰ কৰ্তৃপক্ষৰ সৈতে পর্যালোচনা মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী। 

ইয়াৰ উপৰিও বোকাখাতত উপস্থিত হৈ যোৱা ২৪ জুনত বোকাখাতৰ পানবাৰীৰ চি আৰ পি এফৰ কেম্পত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণত আহত তিনিজন আৰক্ষীৰ জোৱান ক্ৰমে সিদ্ধার্থ বৰবৰা,  সুশীল ভূমিজ আৰু মিন্টু হাজৰিকাৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

অৱশ্যে পাণবাৰীৰ চি আৰ পি এফৰ কেম্পত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ আটকাধীন দুই অভিযুক্ত ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱাৰ সৈতে দেওবাৰে নিশা হোৱা গুলীয়াগুলী সন্দৰ্ভত বিশেষ মন্তব্য নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ড০ হিমন্ত বিশ্ব শৰ্মা বোকাখাত নুমলীগড়