/asomiyapratidin/media/media_files/2025/07/12/ccccvv-2025-07-12-11-28-35.jpg)
মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে মানকাচৰলৈ বাঢ়িছে মন্ত্ৰী, বিষয়াৰ সোঁত
ডিজিটেল সংবাদ, মানকাচৰঃ ৰাজ্যত সম জিলাৰ সম উন্নয়ন কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী আৰু উচ্চ পদস্ত বিষয়া সকলক মানকাচৰ পৰিদৰ্শনৰ বাবে আহ্বান জনাইছিল। মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পাছতে মানকাচৰলৈ আহিছে এজনৰ পাছত আনজন মন্ত্ৰী আৰু উচ্চ পদস্ত বিষয়া।
শুকুৰবাৰে মানকাচৰত উপস্থিত হয় মন্ত্ৰী কৃষ্ণান্দু পাল। মন্ত্ৰী গৰাকী বিয়লি ৪.৩০ বজাত হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰে পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে বিয়লি প্ৰায় ৬ বজাত জিলাবাসীৰ লাইফ লাইন সদৃশ বিধস্ত হাটশিঙিমাৰী -মানকাচৰ সংযোগী পথৰ লগতে মানুল্ল্যাপাৰা-কালাপানী সংযোগী পথ পৰিদৰ্শন কৰে। হাটশিঙিমাৰী-মানকাচৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটোৰ ২৫ কিলোমিটাৰ নতুনকৈ অসমমালা আঁচনিৰ জৰিয়তে নিৰ্মাণৰ বাবে ইতিমধ্যে ডিপিআৰ প্ৰস্তুতৰ নিৰ্দেশনা দিয়া হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
একেদৰে মানকাচৰৰ বিভিন্ন অঞ্চলৰ ৬৫ টা ৰাস্তা গ্ৰাম চড়ক যোজনাৰ অধীনত মেৰামতিৰ বাবে মন্ত্ৰী গৰাকীয়ে বিভাগক নিৰ্দেশ প্ৰদান কৰে। আনকি মানকচাৰৰ প্ৰতিখন গাঁৱৰ পৰা ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ হোৱাকৈ ১১০ কিলোমিটাৰ নতুন পথ নিৰ্মাণৰ বাবেও ডিপিআৰ প্ৰস্তুতৰ নিৰ্দেশনা দিয়া হৈছে বুলি জানিবলৈ দিয়ে।
আনহাতে, শনিবাৰে কেইবাটাও বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ মন্ত্ৰী নন্দিতা গাৰ্লোচা উপস্থিত হৈছে মানকাচৰত। কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী নন্দিতা গাৰ্লোচা জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে পৰ্যোলাচনা সভাত অংশগ্ৰহণ কৰিব। কিন্তু মন্ত্ৰীৰ এনে অহা-যোৱা আৰু মানকাচৰ উন্নয়নৰ বাবে বিভাগক দিয়া নিৰ্দেশনা সমূহ কিমান সফল হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।