ফেচবুকত কন্যাৰ সৈতে ফটো আপলোড কৰি মুখ্যমন্ত্ৰীয়ে লিখিলে এই কথা...

কন্যা দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ জীয়াৰীৰ ফটো আপলোড  কৰি সকলো জনালে এই বিশেষ দিনটোৰ শুভেচ্ছা। মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো কন্যা সন্তানৰ উজ্বল ভৱিষ্যত কামনা কৰি সকলো জীৱন

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ কন্যা দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ জীয়াৰীৰ ফটো আপলোড  কৰি সকলো জনালে এই বিশেষ দিনটোৰ শুভেচ্ছা। মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো কন্যা সন্তানৰ উজ্বল ভৱিষ্যত কামনা কৰি সকলো জীৱন সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

হিমন্ত বিশ্ব শৰ্মাই কন্যা দিৱসৰ সন্দৰ্ভত ফেচবুকত কন্যাৰ সৈতে ফটো আপলোড কৰি লিখে- কন্যা সন্তান হৈছে এখন সমাজৰ গৌৰৱ আৰু ভৱিষ্যতৰ আশা। ময়ো এগৰাকী কন্যা সন্তানৰ পিতৃ। সেয়েহে এগৰাকী কন্যাৰ প্ৰতি থকা আমাৰ দায়িত্বৰ কথা গভীৰভাৱে উপলব্ধি কৰোঁ।

তেওঁ লগতে লিখিছে-  আমাৰ চৰকাৰে কন্যা সন্তানসকলৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰিবলৈ সচেতন ভূমিকাৰে দায়িত্ব পালন কৰি আহিছে আৰু অনাগত দিনতো অভিভাৱকৰ দৰে এই দায়িত্ব পালন কৰি যাম। আজি কন্যা দিৱসত প্ৰতিগৰাকী কন্যালৈ জনালোঁ আন্তৰিক শুভেচ্ছা আৰু অযুত মৰম। আহক, আমি কন্যা সন্তানসকলৰ বাবে সমমৰ্যাদা আৰু সুযোগ সৃষ্টি কৰি সমাজখন জিলিকাই তোলোঁ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা