কি কি থাকিব বাজেটত? ক'লে মুখ্যমন্ত্ৰীয়ে...

সোমবাৰে দিনৰ ১১.৩০বজাত অসম বিধানসভাত দাখিল কৰা হব ২০২৫-২৬বিত্তীয় বৰ্ষৰ বাজেট। এই বাজেটক লৈ জল্পনা-কল্পনা অব্যাহত আছে। ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে ২০২৫-২৬ বৰ্ষৰ বাজেটখনত নিৰ্বাচনমুখী ভালেমান চমক থাকিব বুলি ইতিমধ্যে বিশ্লেষকসকলে মতপোষণ কৰিছে। 

author-image
Asomiya Pratidin
New Update
new ap web 1 (1)ু

ডিজিটেল ডেস্কঃ সোমবাৰে দিনৰ ১১.৩০বজাত অসম বিধানসভাত দাখিল কৰা হব ২০২৫-২৬বিত্তীয় বৰ্ষৰ বাজেট। এই বাজেটক লৈ জল্পনা-কল্পনা অব্যাহত আছে। ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে ২০২৫-২৬ বৰ্ষৰ বাজেটখনত নিৰ্বাচনমুখী ভালেমান চমক থাকিব বুলি ইতিমধ্যে বিশ্লেষকসকলে মতপোষণ কৰিছে। 

Advertisment

ইফালে বাজেট দাখিলৰ পূৰ্বে দেওবাৰে নিশা বাজেটক লৈ অনুষ্ঠিত হোৱা বিশেষ সমীক্ষামূলক বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰে, দাখিল কৰিবলগীয়া বাজেটত সমাজৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক উন্নীত কৰাৰ লক্ষ্যৰে কেইবাখনো কল্যাণমূলক আঁচনি প্ৰৱৰ্তন কৰা হ’ব । ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক উপকৃত কৰা পদক্ষেপসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হ’ব ।

এইবাৰ বাজেটত কেৱল আঁচনি নহয়, অসম বাজেট ২০২৫-২৬ত একাধিক নতুন আন্তঃগাঁথনি প্ৰকল্পৰ কথাও কৰা হ’ব বুলিও শৰ্মাই ঘোষণা কৰে । বিত্তমন্ত্ৰী বিত্তমন্ত্ৰী অজন্তা নেওগেওমহিলা, যুৱক-যুৱতী, আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীক সমানে গুৰুত্ব দিয়া হ’ব  বুলি মতপোষণ কৰে। 

অসমৰ বাজেট