শ্বহীদ দিৱসৰ বিস্তৃত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

প্ৰায় পোন্ধৰ হাজাৰৰো অধিক লোক উপস্থিত থকা এই শ্বহীদ দিৱস কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্বহীদৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি অসম আন্দোলন অসমীয়া জাতিৰ ত্যাগৰ সৰ্বোচ্চ নিদৰ্শন আছিল বুলি উল্লেখ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ঐতিহাসিক অসম আন্দোলনত অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদৰ ত্যাগক সুৱৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশ কমিটিয়ে আজি জামুগুৰিহাটৰ পকামুৰা পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰে শ্বহীদ দিৱস। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি ভালে সংখ্যক মন্ত্ৰী বিধায়ক উপস্থিত থকা শ্বহীদ দিৱসত অবিভক্ত শোণিতপুৰ জিলাৰ ১৬০টা শ্বহীদ পৰিয়ালক মুখ্যমন্ত্ৰীয়ে সম্বধৰ্ণা জনায়।

Advertisment

প্ৰায় পোন্ধৰ হাজাৰৰো অধিক লোক উপস্থিত থকা এই শ্বহীদ দিৱস কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্বহীদৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি অসম আন্দোলন অসমীয়া জাতিৰ ত্যাগৰ সৰ্বোচ্চ নিদৰ্শন আছিল বুলি উল্লেখ কৰে।   অসম আৰু অসমীয়াৰ হকে সদায় বিজেপি চৰকাৰখনে কাম কৰি যাব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ইয়াৰ পূৰ্বে পুৱা ১০ বজাত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত জামুগুৰি উচ্চতম মাধ্যমিক বিদ্যালয়ৰ সন্মুখত অসম আন্দোলনত শ্বহীদ হোৱা জামুগুৰিহাটৰ সপ্ত শ্বহীদৰ বেদিত যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰাকেশ দাস, চামগুৰি সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জণ শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই শ্বহীদ তৰ্পণ কৰে।

মুখ্যমন্ত্ৰীৰ সন্মুখত মহাবীৰ লাচিত বৰফুকনৰ ওপৰত ৰচনা কৰা এখন আলেখ্য নাটো প্ৰদৰ্শন কৰা হয়। আজি শ্বহীদ দিৱস কাৰ্যসূচীত উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা,  বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাৰৰ উপৰিও বিজেপিৰ কেইবাগৰাকীও বিধায়ক।

ড০ হিমন্ত বিশ্ব শৰ্মা জামুগুৰিহাট ভৱেশ কলিতা