গড় হত্যা কৰি খোৱাতোকৈ গৰু পুহি গাখীৰ বিক্ৰী কৰি খোৱাটো বহুত ভালঃ মুখ্যমন্ত্ৰী...

আজি চিৰাং জিলা সদৰ কাজলগাঁৱত নৱনিৰ্মিত জিলা কাৰাগাৰ উদ্বোধন কৰি পেৰেড গ্ৰাউণ্ডত এক জনসভাত অংশগ্ৰহণ কৰি বিগত চাৰি বছৰত কিদৰে সৰ্বসাধাৰণ ৰাইজৰ উন্নয়নৰ

author-image
Asomiya Pratidin
New Update
ikik

ডিজিটেল সংবাদ, চিৰাংঃ   আজি চিৰাং জিলা সদৰ কাজলগাঁৱত নৱনিৰ্মিত জিলা কাৰাগাৰ উদ্বোধন কৰি পেৰেড গ্ৰাউণ্ডত এক জনসভাত অংশগ্ৰহণ কৰি বিগত চাৰি বছৰত কিদৰে সৰ্বসাধাৰণ ৰাইজৰ উন্নয়নৰ হকে বিজেপি নেতৃত্বাধীন চৰকাৰে বিভিন্ন জনকল্যাণমূলক আচঁনিৰ কথা উল্লেখ কৰি তাৰ খতিয়ান ভাষন যোগে উল্লেখ্য কৰে । সভাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে ।

Advertisment

আৰ্থিক দিশত স্বাৱলম্বী হবলৈ ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে বিজেপিৰ চৰকাৰে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু বিধায়ক সিদ্ধান্ত ভট্টাচাৰ্য্যৰ পত্নীয়ে ৰাজসাহাৰ্য্যৰ আচঁনিৰ হিতাধিকাৰীৰ তালিকাভুক্ত হোৱাক লৈ বিৰোধী দলৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰাত তেখেতে কয় যে কোনোবাই যদি গৰু পুহিছে তেনেহলে তেওঁলোকে ৰাজসাহাৰ্য্য পাবই ! এইধৰনৰ কথা ৰাজনীতি কৰাৰ কি আছে তেওঁলোকে কাম কৰি পইচা লৈছে আৰু চৰকাৰে ৰাজসাহাৰ্য্য দিবলৈ আচনি প্ৰস্তুত কৰিছেই।

মন্ত্ৰী বা বিধায়ক সকলে নেপাব বুলি কোনো নাই কাৰণ তেওঁলোকে কোনো দুৰ্নীতি সংঘটিত কৰা নাই, ডেইৰী ফাৰ্ম খুলিছে, গৰু পুহিছে এইটোত কি ৰাজনীতি হব পাৰে ? তেখেতে আশ্চৰ্য্য প্ৰকাশ কৰি কয় যে কোনোবাই চৰকাৰী আচনি'ৰ অধীনত গৰু পুহিছে ৰাজসাহাৰ্য্য পাইছে তেওঁলোকে চুৰি কৰা নাই ! এইটো লৈ কিবা বিতৰ্ক হব পাৰে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে !

এইক্ষেত্ৰত নিবনুৱা সকলক বঞ্চিত কৰা হৈছে বুলি কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে নিবনুৱা যুৱক সকলেও এই ৰাজসাহাৰ্য্য যুক্ত আচনি লাভ কৰিব কাৰো ভাত কাঢ়ি লোৱা হোৱা নাই, ১০ জন নিবনুৱা কিয় ১০০০ জন নিবনুৱাই যদি ৰাজসাহাৰ্য্য যুক্ত আচঁনিৰ অধীনত আবেদন কৰে  যোগ্যতাৰ ভিত্তিত তেওঁলোকেও পাব। আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিল আৰু এতিয়া যদি কোনোবাই ঘৰত গৰু পুহি গাখীৰ উৎপাদন কৰি খাব খোজে তেনেহলে ইয়াত আপত্তি কিয় থাকিব লাগে ।

কাৰণ আজি কোনোবাই মন্ত্ৰী বিধায়ক আছে কাইলৈ নেথাকিবও পাৰে তেনেক্ষেত্ৰত ঘৰখন কেনেকৈ চলিব ? গতিকে গড় হত্যা কৰি খোৱাতোকৈ গৰু পুহি গাখীৰ বিক্ৰী কৰি খোৱাটো ভাল নে বেয়া বুলি প্ৰশ্ন উত্থাপন কৰি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ।আন এটা প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে অসম ৰাজ্যিক বিজেপিৰ যি নতুন কমিটি গঠন হৈছে সেই কমিটিৰ জিলা বিজেপিৰ সভাপতি সকলে নিৰ্বাচনত অৱতীৰ্ণ হব নোৱাৰিব বাকী সকলৰ বাবে কোনো বাধা নেথাকিব তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব ।

আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত চিৰাং জিলা বিজেপিৰ ভিতৰচৰাত গৃহকন্দল আৰু ফাট মেলিছে বুলি কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে চিৰাং জিলা বিজেপি  ইমান শক্তিশালী হৈ উঠা নাই যে ফাট মেলিব । কাৰণ বড়োলেণ্ড এলেকাত বিজেপি এটা সৰু দল তেনেক্ষেত্ৰত ফাট মেলিব পৰা পৰ্যায়ত আমি গৈয়ে পোৱা নাই । বড়োলেণ্ড এলেকাত বিজেপি এটা সৰু দল এতিয়া আমি লাহে লাহে ডাঙৰ কৰি গৈ আছো গতিকে আমাক ইমান গুৰুত্ব দিব নালাগে আমি লাহে লাহে আগবাঢ়িম বুলি মন্তব্য কৰে ।

আনপিনে বিটিচি নিৰ্বাচনত ইউপিপিএল দলৰ কাৰো সহায় নেলাগে ইউপিপিএল দলে নিজৰ ভৰিত ওপৰত থিয় দিব পাৰে। চাৰে চাৰি বছৰ বিটিচি চলোৱাৰ পিছত তেওঁলোকক কিয় সহায় লাগে ? নিৰ্বাচনত ইউপিপিএল দলকো বিজেপিৰ প্ৰয়োজন নাই, বিপিএফ দলকো বিজেপিৰ প্ৰয়োজন নাই ! কিন্তু নিৰ্বাচনৰ পিছত সবকে সবৰ প্ৰয়োজন আছে কাৰণ দিল্লীত বিজেপি আছে দিছপুৰত বিজেপি আছে একেলগে থাকিলেহে বিটিআৰ ৰ উন্নতি হব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

লক্ষ্যনীয় বিষয় যে বিটিচিৰ ৰাজনীতিত কোনো ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা কৰাৰ নজিৰ নাই, যি হৈছে নিৰ্বাচনৰ পিছত হৈছে । বিটিআৰ ৰ ৰাজনৈতিক দৃশ্যপট বেলেগ ইয়াৰ জনগাঁথনি বেলেগ ! কোনো ৰাজনৈতিক দলৰ নিদিষ্ট ভোট অইন ৰাজনৈতিক দলে লাভ নকৰে । বিটিচি নিৰ্বাচনত বিজেপিয়ে কোনো?ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নকৰিলেও ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত যে মিত্ৰতা হব সেয়া নিশ্চিত বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ।

আগন্তুক বিটিচি নিৰ্বাচনৰ পিছত বিজেপি কিংমেকাৰৰ ভূমিকা লৱ পাৰে নেকি কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ উত্তৰ বিটিআৰ খন শান্তিত থাকক, বিটিআৰত হিন্দু, মুছলমান, খ্ৰীষ্টান, বড়ো, অনাবড়ো সকলোয়ে যাতে ভালকৈ থাকিব পাৰে তাৰ কাৰনে যদি বিজেপিয়ে নিৰ্বাচন নেখেলিলেও ভাল তাৰ কাৰণে আমি বিজেপি নিৰ্বাচন নেখেলাকৈয়ে থাকিম কাৰণ বিটিআৰ আমাৰ কাৰণে ৰাজনীতি নহয় বিটিআৰত শান্তি প্ৰগতি থকাটোৱেই আটাইতকৈ গুৰুত্ব প্ৰদান কৰো ।

আমি বিটিআৰত বড়ো সকলক সন্মান দিব বিচাৰিছো আৰু অনাবড়ো সকলক সুৰক্ষিত কৰিব বিছাৰিছো। সম্প্ৰতি জামাত ই ইছলামী হিন্দ, উত্তৰ অসম নামৰ এটা সাম্প্ৰদায়িক সংগঠনে মুছলমান সম্প্ৰদায়ৰ সাংবাদিক সকলক একেটা মঞ্চত আনিবলৈ এটা বিশেষ সভা আয়োজন কৰা এটা পত্ৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ  প্ৰতিক্ৰিয়া জানিব বিচৰাত তেখেতে কয় যে অসমত বিজেপি আছে বাবে কিছু ঠাণ্ডা হৈ আছে নহলে তেওঁলোকে সকলো ঢাহি মুহি লৈ যাব । অসমত বিজেপি নেথাকিলে সংবাদ মাধ্যম সৰু কথা তেওঁলোকে মুখ্য সচিবৰ কাৰ্য্যালয় আনকি কোৰ্ট পৰ্যন্ত ঢাহি মুহি লৈ যাব বুলি মন্তব্য কৰে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা