/asomiyapratidin/media/media_files/2025/01/26/BycvnZjOImaJuIA9vkSE.jpg)
গণৰাজ্য দিৱস Photograph: (গণৰাজ্য দিৱস)
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ডিব্ৰুগড়ত ৭৬সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত পতাকা উত্তোলন কৰি ড০ শৰ্মাই কয়- নতুন এখন অসম গঢ় দিয়াৰ উদ্দেশ্য বৰ্তমানৰ চৰকাৰে কাম কৰি আছে। এই ক্ষেত্ৰত বহুখিনি সফল হৈছে আমাৰ চৰকাৰ। জনতাৰ কল্যাণ আমাৰ চৰকাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য।
ইফালে খানাপাৰাত পতাকা উত্তোলন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। পেৰেডৰ মাজেৰে পতাকা উত্তোলন কৰি ৰাজ্যপাল গৰাকীয়ে অসমৰ প্ৰগতি আৰু বিকাশৰ কথা ভাষণৰ প্ৰসংগত উল্লেখ কৰে। লগতে ৰাজ্যবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখ্য যে, আজি দেশে পালন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস। কৰ্তব্যপথত জিলিকিব দেশৰ শৌৰ্য-বীৰ্য। গণৰাজ্য দিৱসৰ মুখ্য অতিথি ইণ্ডোনেছিয়াৰ ৰাষ্ট্রপতি। কিছু সময়ৰ পাছতে কৰ্তব্যপথত দেশৰ নিচান উৰুৱাব ৰাষ্ট্রপতি দ্রৌপদী মুৰ্মুৱে।