আধাৰ কাৰ্ড নথকা সকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ...

আধাৰ কাৰ্ড নথকা সকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ...

author-image
Asomiya Pratidin
New Update
আধাৰ কাৰ্ড নথকা সকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ যিসকল লোক আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ। বুধবাৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা ৰাজ্যৰ ৯লাখ ৩৫হাজাৰ ৬৮২গৰাকী লোকে অচিৰেই লাভ কৰিব আধাৰ কাৰ্ড।

Advertisment

অহা ১৫দিনৰ ভিতৰত তেওঁলোকে আধাৰ কাৰ্ড লাভ কৰিব বুলি বুধবাৰে লোকসেৱা ভৱনত আয়োজিত সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কয় যে, আধাৰ কাৰ্ড নথকাৰ বাবে এই লোকসকল চৰকাৰী আচঁনিৰ পৰা বঞ্চিত হৈ আছিল। এইসকলৰ লোকৰ NRCৰ সৈতে আধাৰ কাৰ্ডৰ প্ৰত্যক্ষ সম্বন্ধ নাই।

NRCত নাম থকা লোকেও পোৱা নাছিল আধাৰ কাৰ্ড। ভাৰত চৰকাৰে এইসকল লোকক আধাৰ কাৰ্ড দিয়াৰ অনুমতি দিছে। ভাৰত চৰকাৰে UIDAIক আধাৰ কাৰ্ড প্ৰদানৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বহু দিনৰ মূৰত এটা সমস্যাৰ সমাধান হৈছে। আধাৰ কাৰ্ড হোৱাৰ পিছত এওঁলোকে ৰেচন কাৰ্ডো পাব।

Also Read: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধেমাজিত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী...

cm aadhar card himanta biswa sarma