/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a58f4697-865c-4f30-816e-361a26a5829f/5.jpg)
ডিজিটেল ডেস্কঃ ৰান্ধনি ঘৰৰ এবিধ প্ৰয়োজনীয় মছলা হৈছে লং। প্ৰাচীন কালৰে পৰা বৰ্তমানলৈ আয়ুৰ্বেদিক চিকিৎসাত বিভিন্ন ৰোগ প্ৰতিৰোধত লঙৰ ব্যৱহাৰ কৰা হয়। লঙৰ ব্যৱহাৰ সাধাৰণতে খাদ্য ব্যঞ্জনৰ সোৱাদ বঢ়াবলৈ কৰা হয়। কিন্তু ইয়াতে সীমাবদ্ধ নাৰাখি প্ৰত্যেক দিনে আপুনি ২ টাকৈ লং গ্ৰহণ কৰিলে ভয়ংকৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে।
লং সেৱনে শৰীৰত কি কি উপকাৰ কৰিব পাৰে সেই সন্দৰ্ভত পূৰ্বৰ প্ৰতিবেদনত আপোনালোকক কৈছিলো। আজি কম কিদৰে ঘৰতে লঙৰ খেতি কৰিব পাৰি।যিদৰে অসমত যথেষ্ট পৰিমাণৰ জালুক উৎপাদন হয়,ঠিক সেইদৰে লং উৎপাদনৰ ক্ষেত্ৰটো অসমে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে। কিয়নো অসমৰ জলবায়ু লঙৰ উৎপাদনৰ বাবেও উপযোগী বুলি বিশেষজ্ঞই ধাৰণা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/74fe79ff-659c-4dcd-9fa8-d22b4635e6fa/MWXoEIOp.jpg)
ইয়াৰোপৰি লং খেতিৰ বাবে আৰ্দ্ৰ ক্ৰান্তীয় বা উপ-ক্ৰান্তীয় জলবায়ুৰ প্ৰয়োজন। লং গছ বৃদ্ধিৰ সৰ্বোত্তম তাপমাত্ৰা হৈছে প্ৰায় ৭০-৮৫ ফাৰেনহিট (২০-৩০ চেণ্টিগ্ৰেড)। লং গছ সেমেকা ক্ৰান্তীয় অঞ্চলত গজি উঠে। ঘৰত লঙৰ গছ ৰোপণ কৰিবলৈ বজাৰত উপলব্ধ ভাল মানদণ্ডৰ বীজ আনি ২০-৩০ ডিগ্ৰী উষ্ণতাত অৰ্থাৎ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে লঙৰ গছ ৰোপণ কৰিব।
লং গছ ৰোপণৰ বাবে কটিং ব্যৱহাৰ কৰিব পাৰে। সেই কটিং ২-৩ ঘণ্টা পানীত তিয়াই ৰাখক। এজোপা গছ ৰোপণ কৰিবলৈ পাত্ৰ বা মাটিত ১০-১৫ চেঃমিঃ ৰ গাঁত খান্দি কটা অংশ ৰোপণ কৰি মাটিৰে ঢাকি দিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/54aa7d72-1da7-46a8-80cc-30d624dddcab/912e84a86221fefaa9ce0d19f6660fe1.jpg)
লঙৰ গছৰ বাবে পানী নিষ্কাশনযুক্ত বালিচহীয়া মাটিৰ প্ৰয়োজন হয়। গতিকে মাটিত বালি মিহলি কৰিহে গছ ৰোপণ কৰিব লাগে। মাটিত আৰ্দ্ৰতা বজাই ৰাখিবলৈ মাজে মাজে গছজোপা পানী দি থাকিব।
পোক-পৰুৱা আৰু ৰোগৰ পৰা উদ্ভিদক ৰক্ষা কৰিবলৈ সময়ে সময়ে আদা আৰু দৈৰ পানী দিব। যাতে গছজোপাত কোনো ধৰণৰ ভেঁকুৰৰ সংক্ৰমণ নহয়।লগতে প্ৰতিমাহে গৰুৰ গোবৰ বা এটা প্ৰাকৃতিক সাৰ দিব।
এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে আমি কৰা খেতিসমূহত ভেঁকুৰ নালাগিবলৈ বিভিন্ন ধৰণৰ কিনি অনা সাৰ ব্যৱহাৰ কৰো। এই কৃত্ৰিম সাৰে গছজোপাক ভেঁকুৰৰ পৰা ৰক্ষা কৰে যদিও কিছু পৰিমাণে ফলতো ইয়াৰ প্ৰভাৱ পৰে। সেই ফল খোৱাৰ পাছতে বিভিন্ন বেমাৰে দেখা দিয়ে। গতিকে এনেধৰণে ঘৰতে কৰা খেতিক পোক-পৰুৱা, ভেঁকুৰৰ পৰা ৰক্ষা কৰিবলৈ আদা আৰু দৈৰ পানী ব্যৱহাৰ কৰিব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us