উত্তৰকাশীত ডাৱৰ বিস্ফোৰণ : ৫০ৰো অধিক লোক নিৰুদ্দেশ

উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণৰ ঘটনা। মঙলবাৰে হৰ্শিলৰ ধৰালীত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতিৰ

author-image
Asomiya Pratidin
New Update
08

ডিজিটেল ডেস্ক : উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণৰ ঘটনা। মঙলবাৰে হৰ্শিলৰ ধৰালীত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতিৰ। 

শিল- মাটি আৰু পানীৰ ঢলে উটুৱাই নিয়ে ভালেসংখ্যক লোকক। এই ঘটনাত ১২ জন লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে। লগতে ৬০ জন লোক নিৰুদ্দেশ হোৱা বুলিও এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ডাৱৰ বিস্ফোৰণৰ ফলত খিৰগাদৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগতে গধুৰ ধ্বংসাৱশেষো দ্ৰুতগতিত উটি আছে। ধৰালী খিৰগাড চহৰখনৰ বহু ঘৰৰ ক্ষতিসাধন হোৱা খবৰ লাভ কৰা গৈছে। তথ্য অনুসৰি, বহু হোটেলত পানী প্ৰৱেশ কৰিছে। বানৰ লগতে ঘৰ-দুৱাৰ, দোকান-পোহাৰতো সোমাইছে ধ্বংসাৱশেষ। 

ইতিমধ্যে ঘটনাৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ ৰাওনা হৈছে । উত্তৰকাশী জিলা দণ্ডাধীশ প্ৰশান্ত আৰ্য্যই জনোৱা মতে, হৰ্শিলৰ সমীপৰ ধৰালীত এক বৃহৎ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। সেই স্থানলৈ ৰাওনা হৈছে উদ্ধাৰকাৰী দল।

নিৰুদ্দেশ