/asomiyapratidin/media/media_files/2024/12/14/9Z0VznUQUtVaLKkLiolX.jpg)
ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত তপতজুৰিত শুকুৰবাৰে বস্ত্ৰভঁৰালৰ (THE CLOTHES BANK) তৰফৰ পৰা বস্ত্ৰ বিতৰণ কৰা হয়। অঞ্চলটোৰ প্ৰায় ৩০০ লোকৰ মাজত বস্ত্ৰ ভঁৰালৰ কৰ্মকৰ্তা সকলে সংগ্ৰহিত পুৰণি ব্যৱহাৰযোগ্য কাপোৰ বিতৰণ কৰাৰ লগতে নতুন ছেণ্ডেল, মোজা ইত্যাদি বিতৰণ কৰে।
এই বস্ত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থকা বস্ত্ৰভঁৰালৰ কৰ্মকৰ্তা বিৰিঞ্চি বৰা আৰু প্ৰাঞ্জল মজুমদাৰে জানিবলৈ দিয়া মতে - তেওঁলোকে এতিয়ালৈকে বস্ত্ৰ ভঁৰালৰ তৰফৰ পৰা প্ৰায় ৭০ হাজাৰ দৰিদ্ৰ মানুহৰ মাজত কাপোৰ বিতৰণ কৰাৰ লগতে সময়ে সময়ে বানাক্ৰান্ত অঞ্চল সমূহত বান সাহাৰ্য্য বিশেষকৈ খোৱাপানী বিতৰণ কৰি আহিছে।
অনুষ্ঠানত বিৰিঞ্চি বৰাই প্ৰতি বছৰে উৎপাদিত বস্ত্ৰৰ ৮০ শতাংশই জাবৰৰ দ'মত ঠাই পোৱাৰ বিপৰীতে বহুতো লোক এডোখৰ কাপোৰৰ অভাৱত জাৰত কঁপি থাকে বুলি কৈ দুখ প্ৰকাশ কৰে । লগতে সংবাদ মাধ্যমৰ আগত সমৰ্থবান সকলো লোককে নিজৰ অব্যৱহৃত কাপোৰৰ লগতে সামৰ্থ অনুযায়ী নতুন কাপোৰো দৰিদ্ৰ লোকক দান দি শীতৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনায়।
বস্ত্ৰভঁৰালৰ মাজেৰে সহায় কৰিবলৈ বা বস্ত্ৰ দান কৰিবলৈ ৯৪৩৫০৬৮৮১৭ / ৭০০২৪০৫৩৫৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় বিৰিঞ্চি বৰাই ।
উল্লেখযোগ্য যে, পুৰণি ব্যৱহাৰযোগ্য কাপোৰ সংগ্ৰহ কৰি দুখীয়া লোকক বিতৰণ কৰাৰ ক্ষেত্ৰত বস্ত্ৰভঁৰালে ইতিমধ্যে মানুহৰ মাজত খ্যাতি লাভ কৰিছে।